...

ৰাজ্যিক বডি বিল্ডিং মডেল চেম্পিয়ন বাঘমাৰাৰ ৰাকিবুল উলাহৰ বন্যা

ৰাজ্যিক বডি বিল্ডিং মডেল চেম্পিয়ন বাঘমাৰাৰ ৰাকিবুল উলাহৰ বন্যা

নগৰবেৰা,৪ নৱেম্বৰ:

বৰ্ল্ড ফিটনেছ ফেডাৰেচন (WFF)ৰ উদ্যোগত গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত যোৱা ১ নৱেম্বৰ ২০২৬ তাৰিখে অনুষ্ঠিত চতুৰ্দশ ‘মিষ্টাৰ এণ্ড মিছ আছাম ২০২৬’ ৰাজ্যিক ব’ডি বিল্ডিং আৰু মডেল চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত বৰপেটা জিলাৰ বাঘমাৰা চৰৰ প্ৰতিভাশালী যুৱক ৰাকিবুল ইছলামে পুৰুষৰ জিন্স মডেল শাখাত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰি ‘অভাৰ অল চেম্পিয়ন – “মিষ্টাৰ আছাম ২০২৬’ ৰ সন্মানীয় খিতাপ দখল কৰিবলৈ সক্ষম হয়। আৰম্ভণিতে টকাৰ অভাৱত ঘৰতে নিজাববীয়াকৈ তৈয়াৰী সামগ্ৰীৰে কছৰৎ আৰম্ভ কৰি পিছলৈ অনলাইনৰ জৰিয়তে কম দামী সামগ্ৰী সংগ্ৰহ কৰি কঠোৰ পৰিশ্ৰম চলোৱা ৰাকিবুলৰ এই অনন্য সফলতাই প্ৰমাণ কৰিছে যে দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ’ব নোৱাৰে। পৰিয়ালৰ সহযোগিতাত অনাগত দিনত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্টীয় পৰ্যায়ত দেশৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ আশাবাদী ৰাকিবুল ইছলামৰ এই সফলতাত উৎফুল্লিত অঞ্চলবাসী ৰাইজে গামোচা আৰু ফুলৰ মালা পিন্ধাই আদৰণি জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *