...

বাঘমাৰাচৰত শিশুৰ সলিল সমাধি

বাঘমাৰাচৰত শিশুৰ সলিল সমাধি

বৰপেটা,৩০অক্টোবৰ:

বৃহস্পতিবাৰে দুপৰীয়া ভাগত বৰপেটাৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩নং বাঘমাৰাচৰত এটি দুই বছৰীয়া শিশু পানীত পৰি মৃত্যু হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।গাঁৱখনৰ শুকুৰ আলীৰ দুই বছৰীয়া শিশু ৰিফাত আলীয়ে ঘৰৰ ওচৰত খেলি থকা অৱস্থাত হঠাৎ পুখুৰীত পৰি মৃত্যু ঘটে।পানীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰাত পৰিয়ালৰ লোকৰ মাজত হুৱাদুৱা লাগে আৰু কান্দোনত ভাগি পৰে ।পাছলৈ শিশুটিক নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে শিশুটিৰ স্বাস্থ্য পৰীক্ষা কৰি মৃত বুলি ঘোষণা কৰে।
এই ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *