...

অসম গৌৰৱ বঁটা প্ৰাপক দেৱীপ্ৰসাদ বাগড়োদিয়াক ডিব্ৰুগড় নাগৰিক মঞ্চৰ সম্বৰ্ধনা

অসম গৌৰৱ বঁটা প্ৰাপক দেৱীপ্ৰসাদ বাগড়োদিয়াক ডিব্ৰুগড় নাগৰিক মঞ্চৰ সম্বৰ্ধনা

চাইন অন ডেস্ক,২৯অক্টোবৰ:

অসম চৰকাৰৰ অসামৰিক সন্মান “অসম গৌৰৱ বঁটা” প্ৰাপক, বিশিষ্ট সাহিত্যিক, অনুবাদক দেৱী প্ৰসাদ বাগড়োদিয়াক তেখেতৰ বাসগৃহত ডিব্ৰুগড় নাগৰিক মঞ্চৰ এক প্ৰতিনিধি দলে সম্বৰ্ধনা জ্ঞাপন কৰে। নাগৰিক মঞ্চৰ সভাপতি তথা ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ ভাৰতী দত্তই তেখেতৰ সাহিত্য কৰ্ম সম্পৰ্কত আলোকপাত কৰে। উপদেষ্টা হেমকান্ত দিহিঙীয়া, সম্পাদক দুৰ্লভ গগৈ, কোষাধ্যক্ষ কৃষ্ণ কান্ত চেতিয়া, সহ সম্পাদক জীৱন বৰা, সাংগঠনিক সম্পাদক টুনুমণি বৰুৱা আৰু সদস্য সুৰেশ আগৰৱালা উপস্থিত থাকি বয়োজ্যেষ্ঠ সাহিত্যিক গৰাকীক ফুলাম গামোচা, চেলেং চাদৰ, গ্ৰন্থৰ টোপোলা আদিৰে সম্বৰ্ধনা জনায় আৰু ডিব্ৰুগড়লৈ “অসম গৌৰৱ”সন্মান কঢ়িয়াই অনাৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰে। বঁটা প্ৰাপক দেৱীপ্ৰসাদ বাগড়োদিয়াই গুণমালা, নামঘোষা,বৰগীত আদিৰ লগতে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ সমগ্ৰ ৰচনাৱলীৰ অনুবাদ কৰ্মৰ সময়ৰ অভিজ্ঞতা সম্পৰ্কে কিছু কথা কয়। তেখেতে ‘কৰ্মক ধৰ্ম ‘ হিচাপে গ্ৰহণ কৰাৰ মানসিকতাক উপস্থিত সকলোৱে প্ৰশংসা কৰে। সাহিত্যিক গৰাকীয়ে নাগৰিক মঞ্চৰ প্ৰতিনিধি সকলক প্ৰত্যেককে দুখনকৈ তেখেতৰ অনুবাদ গ্ৰন্থ উপহাৰ স্বৰূপে আগবঢ়ায়।নাগৰিক মঞ্চৰ প্ৰতিনিধি দলটোৱে সাহিত্যিক গৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন কামনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *