...

পাঁচ দিনৰ পিছত ডিব্ৰুগড়ৰ পাঁচআলী ঘাটত উদ্ধাৰ মমতা সাহানীৰ মৃতদেহ

পাঁচ দিনৰ পিছত ডিব্ৰুগড়ৰ পাঁচআলী ঘাটত উদ্ধাৰ মমতা সাহানীৰ মৃতদেহ

কাছাৰী ঘাটত ব্ৰহ্মপুত্ৰত জাঁপ দিছিল যুৱতীগৰাকীয়ে

চাইন অন ডেস্ক,২৮অক্টোবৰ:

ডিব্ৰুগড় মহানগৰৰ কাছাৰী ঘাটত ব্ৰহ্মপুত্ৰ নদীত জাঁপ দিয়া মমতা সাহানী নামৰ যুৱতীগৰাকীৰ মৃতদেহ পাঁচ দিনৰ পিছত আজি পাঁচআলী ঘাটৰ সমীপত নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয়। নদীত মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে আৰক্ষীয়ে নাওৰ সহায়ত মৃতদেহটো নদীৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে।আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা শুকুৰবাৰে বিয়লি প্ৰায় ৪.৩০ বজাত মমতা সাহানীয়ে কাছাৰী ঘাটত ব্ৰহ্মপুত্ৰ নদীত জাঁপ দিয়াৰ ঘটনা পোহৰলৈ আহিছিল। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছিল। ঘটনাস্থলীৰ পৰা যুৱতীগৰাকীৰ ম’বাইল ফোন আৰু চেণ্ডেল উদ্ধাৰ হোৱা বুলিও জানিব পৰা গৈছিল।শুকুৰবাৰে সন্ধিয়া আন্ধাৰ হোৱাৰ বাবে নদীৰ প্ৰবল সোঁতত যুৱতীগৰাকীৰ সন্ধান চলোৱাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল। পিছদিনা শনিবাৰৰ পুৱাৰে পৰা ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ)ৰ দলে নদীত উদ্ধাৰ অভিযান আৰম্ভ কৰে। কেইবাদিনো ধৰি অভিযান চলোৱাৰ পিছতো যুৱতীগৰাকীৰ সন্ধান লাভ কৰা হোৱা নাছিল। অৱশেষত পাঁচ দিনৰ পিছত কাছাৰী ঘাটৰ পৰা কিছু দূৰৈৰ পাঁচআলী ঘাটৰ সমীপত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়।নদীৰ সোঁতত উটি গৈ মৃতদেহটো পাঁচআলী ঘাটৰ ওচৰলৈ আহি পোৱাৰ সন্দেহ কৰা হৈছে। অৱশ্যে পাঁচ দিনৰ পিছত মৃতদেহটো পানীৰ ওপৰত ওপঙি উঠাৰ প্ৰকৃত কাৰণ সন্দৰ্ভত আৰক্ষীৰ তৰফৰ পৰা কোনো স্পষ্ট তথ্য প্ৰকাশ কৰা হোৱা নাই।প্ৰাথমিক তথ্য অনুসৰি, ঘটনাটোৰ আঁৰত পাৰিবাৰিক সংঘাতৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছিল যদিও যুৱতীগৰাকীয়ে নদীত জাঁপ দিয়াৰ প্ৰকৃত কাৰণ এতিয়ালৈকে আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই। আৰক্ষীয়ে ঘটনাটোৰ সকলো দিশ চালি-জাৰি চাই তদন্ত অব্যাহত ৰাখিছে।
উল্লেখযোগ্য যে মমতা সাহানী ডিব্ৰুগড় চহৰৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰৈৰ বকুল অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে। তেওঁ কেনেদৰে কাছাৰী ঘাটলৈ আহিছিল আৰু ঘটনাৰ পূৰ্বে কি পৰিস্থিতিৰ সন্মুখীন হৈছিল, সেই বিষয়সমূহো আৰক্ষীৰ তদন্তৰ আওতাত আছে।আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্তৰ পিছতহে ঘটনাটোৰ সৈতে জড়িত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *