কোৰিয়ালৈ চাৰিদিনীয়া ভ্ৰমণ কাৰ্যসূচী লৈ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱাল
* কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে ভাৰত-কোৰিয়াৰ সামুদ্রিক সম্পর্ক সুদৃঢ় কৰি ২০৪৭ চনৰ ভিতৰত বিশ্বৰ শীৰ্ষ পাঁচখন জাহাজ নির্মাণকাৰী দেশৰ অন্যতম হৈ উঠাৰ লক্ষ্যৰে চাৰিদিনীয়া ভ্ৰমণ কাৰ্যসূচী হাতত লৈ কোৰিয়ালৈ যাত্ৰা
“কোৰিয়াত থকা ভাৰতীয় জাহাজ নির্মাণ খণ্ডত লগত জড়িত পেছাদাৰি সকলক উদেশ্য কৰি কয়,আপোনালোকে দুয়োখন দেশৰ মাজত সম্পৰ্কৰ সেঁতু দৰে কাম কৰিব লাগিব“— সর্বানন্দ সোনোৱাল “আমি জাহাজ নির্মাণ, জাহাজ পৰিবহণ, বন্দৰ আৰু সামগ্ৰীৰ আমদানি-ৰপ্তানিত কোৰিয়াৰ সৈতে মিলিত প্রচেষ্টাত কাম কৰিব বিচাৰিছোঁ”-সৰ্বানন্দ সোনোৱাল
দক্ষিণ কোৰিয়া, বুছান, ২৬ অক্টোবৰ:
বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ বিভাগৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোরালে আজি দক্ষিণ কোৰিয়ালৈ চাৰিদিনীয়া ভ্ৰমণসূচী হাততলৈ যাত্ৰা কৰিছে। ভাৰতবৰ্ষক ২০৪৭ চনৰ ভিতৰত বিশ্বৰ শীৰ্ষ পাঁচখন জাহাজ নিৰ্মাণকাৰী দেশৰ তালিকাত স্থান দিয়াৰ লক্ষ্যৰে দুয়োখন দেশে জাহাজ নির্মাণ খণ্ডত সহযোগিতা লাভ কৰা উদেশ্যে কোৰিয়ান উদ্যোগসমূহক ভাৰতৰ সামুদ্রিক ক্ষেত্ৰত থকা সম্ভাৱনাৰ বিষয়ে অৱগত কৰাব৷
সোনোৱালৰ যাত্ৰাৰ প্ৰথম দিনাই কোৰিয়াৰ সামুদ্রিক উদ্যোগৰ কেন্দ্ৰস্থল বুলি অভিহিত বুছান চহৰত কোৰিয়াত জাহাজ নির্মাণ খণ্ডত কৰ্মৰত ভাৰতীয়সকলৰ সৈতে হোৱা বাৰ্তালাপ দ্বাৰাই তেখেতে ভ্ৰমণৰ শুভাৰম্ভ কৰে ৷ ভাৰতীয় ৰাষ্ট্ৰদূত গৌৰংগালাল দাসে অনুষ্ঠানলৈ সকলোকে আদৰণি জনাই, দক্ষিণ কোৰিয়াৰ ছামছাং হেভী ইণ্ডাষ্ট্রীজ, হানরা অ’চিন, এইচডি হ্যণ্ডাই, ডি.এন.ভি. আৰু ইণ্ডিয়ান ৰেজিষ্টাৰ অর চিপিং আদি প্রতিষ্ঠানত কৰ্মৰত ভাৰতীসকলক সোনোৱালৰ সৈতে পৰিচয় কৰাই দিয়ে।

যোৱা এপ্ৰিল মাহত দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে মিয়ুংৰ ভাৰত ভ্ৰমণৰ সময়ত, দুয়োখন দেশে গ্ৰহণ কৰা “ভয়েজেছ” কেৱল এখন চৰকাৰী চুক্তিয়েই নহয়,ই সামৰি লৈছিল জাহাজ নির্মাণ, জাহাজ পৰিবহণ আৰু সামুদ্রিক সামগ্ৰী আমদানি-ৰপ্তানি আদি সকলো দিশক, যিয়ে অনাগত দিনত দেশ দুখনৰ অৰ্থনীতি বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। তেখেতে লগতে উল্লেখ কৰে, “ভাৰতৰ সামুদ্রিক খণ্ডৰ ভৱিষ্যত দৃঢ় কৰাত “ভয়েজেছ”ক কোৰিয়াত থকা ভাৰতীয় জাহাজ নির্মাণকাৰি পেছাদাৰীসকলে এক মঞ্চ হিচাপে গণ্য কৰিব লাগিব
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মেৰিটাইম ইণ্ডিয়া ভিছন ২০৩০’ আৰু ‘মেৰিটাইম অমৃত কাল ভিছন ২০৪৭’ৰ অধীনত ভাৰতক জাহাজ নির্মাণ, জাহাজ মেৰামতি, সামুদ্রিক
ভাৰতীয় কেবিনেটে ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত গ্ৰহণ কৰা নীতি আৰু অনুমোদনে ভাৰতক অধিক জাহাজ নির্মাণকাৰি মেৰাইন ইঞ্জিনীয়াৰ,নেভেল আৰ্কিটেক্, ডিজাইনাৰ, রেল্ডাৰ, প্ৰকল্প পৰিচালক আৰু প্ৰযুক্তি বিশেষজ্ঞৰ প্ৰয়োজন হ’ব। সেইহে তাতে কৰ্মৰত পেছাদাৰীসকলক তেওঁলোকৰ কোৰিয়ান অভিজ্ঞতা দেশলৈ লৈ আহিবলৈ বা কোৰিয়াৰ পৰাই ভাৰতীয় কোম্পানীবোৰক সহায় কৰিবলৈ অনুৰোধ জনায়।
ভাৰতীয় জাহাজ নিৰ্মাণৰ সৈতে জড়িত পেছাদাৰীসকলক উদ্দেশ্য কৰি কয় যে” আপোনোলোকে নিজ-নিজ খণ্ডৰ অভিজ্ঞতা আৰু দক্ষতাক সাৰোগত কৰি দেশ দুখন মাজত সম্পৰ্কৰ সেঁতু দৰে কাম কৰিব লাগিব”। ভাৰতৰ জাহাজ প্রযুক্তি কেন্দ্ৰ আৰু কোৰিয়া আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থাৰ (KOICA) মাজত জাহাজ নিৰ্মাণৰ ক্ষেত্ৰত গঢ়ি উঠা সম্পর্ক সুদৃঢ় কৰাৰ লগতে কোৰিয়াত অৰ্জন কৰা অভিজ্ঞতাৰে দেশৰ উঠি অহা প্ৰজন্মক এই ক্ষেত্ৰত থকা সম্ভাৱনাৰ বিষয়ে উৎসাহ জনাব লাগিব৷ অন্য বহু বিষয়ৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে তিনিটা বিশেষ বিষয়ত উপস্থিত ভাৰতীয় সকলৰ পৰা পৰামৰ্শ বিচাৰে: জাহাজ নিৰ্মাণ কাৰখানা (শিপয়ার্ড)ৰ উৎপাদন তথা প্রকল্পসমূহৰ সঠিক ৰূপায়ণ কেনেকৈ উন্নত কৰিব পৰা যায়, কেনেকৈ বিশ্বমানৰ দক্ষ কৰ্মচাৰী গঢ়ি তুলিব পাৰি,ভাৰতীয় আৰু কোৰিয়ান উদ্যোগসমূহৰ মাজত প্ৰযুক্তি,উৎপাদন আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা অধিক শক্তিশালী কৰিব পৰা যায়।
সোনোরালে কয় যে, “আমি জাহাজ নির্মাণ, জাহাজ পৰিবহণ, বন্দৰ আৰু সামগ্ৰী আমদানি- ৰপ্তানিৰ ক্ষেত্ৰত কোৰিয়াৰ সম-অংশীদাৰিত্ব বিচাৰিছো।”
সোনোরালে দক্ষিণ কোৰিয়াৰ মহাসাগৰীয় আৰু মৎস মন্ত্ৰালয়ৰ উপমন্ত্ৰীগৰাকীৰ সৈতেও এক দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। বিশ্ব সামুদ্রিক দিৱস উপলক্ষে বুছানত অনুষ্ঠিত হ’বলগীয়া মন্ত্ৰীপৰ্যায়ৰ ঘূৰণীয়া মেজমেলতো কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব। এই বৈঠকত দক্ষিণ কোৰিয়া, চাইপ্ৰাছ, শ্ৰীলংকা, মৰিছাছ আৰু নৰৱেৰ মন্ত্ৰীসকলৰ লগতে আন্তঃৰাষ্ট্ৰীয় সামুদ্রিক সংস্থাৰ সচিব প্রধান উপস্থিত থাকিব বুলি আশা কৰা হৈছে।