...

ডিব্ৰুগড়ৰ বিশিষ্ট সাহিত্যিক দেৱী প্ৰসাদ বাগড়োদিলৈ অসম গৌৰৱ সন্মান

ডিব্ৰুগড়ৰ বিশিষ্ট সাহিত্যিক দেৱী প্ৰসাদ বাগড়োদিলৈ অসম গৌৰৱ সন্মান

চাইন অন ডেস্ক,২৫অক্টোবৰ:

অসমীয়া সাহিত্য-সংস্কৃতিক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ লগতে অনুবাদ সাহিত্যৰ জৰিয়তে ভাষিক আৰু সাংস্কৃতিক সমন্বয়ৰ সেতু গঢ়া ডিব্ৰুগড়ৰ বিশিষ্ট সাহিত্যিক দেৱীপ্ৰসাদ বাগড়োদিয়ালৈ আগবঢ়োৱা হৈছে ৰাজ্যৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম গৌৰৱ’।
১৯৩৯ চনৰ ৮ নৱেম্বৰত ডিব্ৰুগড় জিলাৰ টেঙাখাত মৌজাৰ চুঙীগাঁৱত জন্মগ্ৰহণ কৰা বাগড়োদিয়াই শৈশৱতে টেঙাখাত হাইস্কুলত শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত ডিব্ৰুগড়ৰ ডি এইচ এছ কে কলেজত বি এ পৰ্যায়লৈকে অধ্যয়ন কৰে। ইয়াৰ পিছত যোৰহাটৰ টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ পৰা চাহ খেতি সম্পৰ্কীয় প্ৰশিক্ষণ গ্ৰহণ কৰে।
কৰ্মজীৱনৰ সমান্তৰালকৈ সাহিত্য চৰ্চাক জীৱনৰ অন্যতম সাধনা হিচাপে গ্ৰহণ কৰা বাগড়োদিয়াই অসমীয়া ভাষা সাহিত্যৰ ভৰাঁল সমৃদ্ধ কৰি অন্য ভাষাৰ পাঠকৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাৱলী হিন্দীলৈ অনুবাদ কৰি ‘জ্যোতি সুধা’ আৰু ‘জ্যোতিপ্ৰভা’ৰ দৰে গ্ৰন্থৰ জৰিয়তে তেওঁ বিশেষ পৰিচিতি লাভ কৰে। ইয়াৰ উপৰি ড° নগেন শইকীয়াৰ ‘মিত-ভাষ’, বীৰেন বৰকটকীৰ উপন্যাসৰ হিন্দী অনুবাদ, শ্ৰীমন্ত শংকৰদেৱৰ ‘গুণমালা’ আৰু ‘বৰগীত’, শ্ৰীশ্ৰী মাধৱদেৱৰ ‘নামঘোষা’ৰ হিন্দী অনুবাদে তেওঁৰ সাহিত্য সাধনাক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে।’চাহ গছৰ কলম’, ‘সুখৰ পৃথিৱী’, ‘মীৰাবাঈ’, ‘অৱলা কে আঁসু’ আদি গ্ৰন্থৰ জৰিয়তেও তেওঁ সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত নিজৰ প্ৰতিভাৰ স্বাক্ষৰ বহন কৰিছে। অসমীয়াৰ উপৰি ইংৰাজী, হিন্দী, বাংলা আৰু ৰাজস্থানী ভাষাতো সাহিত্য চৰ্চা কৰি আহিছে বাগড়োদিয়াই।
সাহিত্য আৰু অনুবাদৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ অনুবাদক সন্মান, অসম চৰকাৰৰ সাহিত্য সন্মান, অসম সাহিত্য সভাৰ বাসুদেৱ জালান স্মৃতি বঁটাকে ধৰি কেইবাটাও বঁটা সন্মান লাভ কৰিছে। ২০১৬-১৭ বৰ্ষত তেওঁ অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰে।
দীৰ্ঘদিনীয়া সাহিত্য সাধনা, ভাষিক সমন্বয় আৰু অসমীয়া সাহিত্যক বহল পৰিসৰত পৰিচিত কৰাৰ প্ৰয়াসৰ স্বীকৃতি হিচাপে দেৱীপ্ৰসাদ বাগড়োদিয়ালৈ এই বছৰ “অসম গৌৰৱ” সন্মান ঘোষণা কৰাত ডিব্ৰুগড়ৰ লগতে ৰাজ্যৰ সাহিত্য মহলেও আনন্দ প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *