...

য়’নেক্স ফ্রেন্স অ’পেন বেডমিন্টন আজি ফাইনেল মেচত সিন্ধু

য়’নেক্স ফ্রেন্স অ’পেন বেডমিন্টন

আজি ফাইনেল মেচত সিন্ধু

কোৰিয়াৰ আন চে য়ঙৰে হব মুখামুখি

নতুন দিল্লী,২৫অক্টোবৰ:

ভাৰতৰ তাৰকা মহিলা শ্বাটলাৰ পি ভি সিন্ধুৰ য়’নেক্স ফ্রেন্স অ’পেন বেডমিন্টন প্রতিযোগিতাত দুর্দান্ত প্রদর্শন অব্যাহত আছে। একমাত্ৰ ভাৰতীয় হিচাপে প্রতিযোগিতাখনত বর্তি থকা সিন্ধুৱে মহিলা শাখাৰ ছিংগলছত ফাইনেলত স্থান সুৰক্ষিত কৰিছে। পেৰিছত পূৰ্ণগতিত চলি থকা প্রতিযোগিতাখনৰ মহিলা শাখাৰ ছিংগলছৰ আজি অনুষ্ঠিত ছেমিফাইনেল মেচ এখনত অলিম্পিকত দুবাৰৰ পদক জয়ী সিন্ধুৱে বিশ্বৰ ২২সংখ্যক বাছনিৰ জাপানৰ হিনা আকেছিক কঠিন যুঁজৰ অন্তত পৰাস্ত

কৰি খিতাপ যুঁজলৈ উন্নীত হয়। এক ঘণ্টা ১৩ মিনিট ধৰি চলা মেচখনত বিশ্বত একাদশ বাছনিৰ ভাৰতীয় শ্বাটলাৰগৰাকীয়ে জাপানৰ প্ৰতিদ্বন্দ্বীগৰাকীক ২১-১০, ২০-২২, ২১-১৬ গেমত পৰাস্ত কৰে। মন কৰিবলগীয়া যে চলিত বছৰত সিন্ধুৱে দ্বিতীয়বাৰৰ বাবে ছুপাৰ ৭৫০ বেডমিন্টন প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰে। যোৱা জুলাই মাহত জাপান অ’পেন ছুপাৰ ৭৫০ বেডমিন্টন প্রতিযোগিতাৰ খিতাপ জয় কৰা সিন্ধুৱে আজি হ’বলগীয়া ফাইনেল মেচখনত বিশ্বৰ শীৰ্ষ বাছনিৰ কোৰিয়াৰ আন চে য়ঙৰে মুখামুখি হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *