...

গোলকগঞ্জত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা

গোলকগঞ্জত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা

নিহত এজন,আহত ৬ জন

আগমনি,২৪অক্টোবৰ:

দুৰ্গা পূজাৰ আনন্দৰ মাজতে যোৱা নিশা গোলকগঞ্জ আৰু হালাকুৰাত সংঘটিত হয় দুটাকৈ পথ দুৰ্ঘটনা।প্রথমটো শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় সন্ধিয়া ভাৰত-বাংলাদেশ সীমান্তৰ বিষখোৱাত। এই দুৰ্ঘটনাত নিহত হয় মৰমী বৰ্মন নামৰ ২২ বছৰীয়া কলেজীয়া ছাত্ৰী। আহত হয় ই-ৰিক্সাৰ পাঁচজন যাত্ৰীসহ চালক।জানিব পৰা মতে, এখন ই-ৰিক্সা আৰু এ এছ ১৭ পি ৫০৭০ নম্বৰৰ এখন চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। গোলকগঞ্জৰ গংগাধৰ নৈৰ পাৰত মা দুৰ্গাৰ বিসৰ্জন চাবলৈ যাওঁতে ভাৰত-বাংলাদেশ সীমান্তৰ বিষখোৱা হাইস্কুলৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয়।দুৰ্ঘটনাত নিহত হোৱা ছাত্ৰীগৰাকী আগমনিৰ প্ৰগতি মহাবিদ্যালয়ৰ ছাত্ৰী আছিল। আহতসকল ক্ৰমে পুষ্পবালা বৰ্মন, নতুনবালা বৰ্মন, সুপ্ৰিয়া দাস, সঞ্জীতা ৰায় আৰু ই-ৰিক্সা চালক শৈলেন অধিকাৰী।আনহাতে, নিশাৰ আনটো দুৰ্ঘটনা সংঘটিত হয় হালাকুৰাত। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এ এছ ১৩ চি ৮১৫৫ নম্বৰৰ এখন যাত্ৰীবাহী বাছ আৰু এ এছ ০১ ভি ৭১৪৯ নম্বৰৰ এখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বিদ্যাৰডাবৰী গাঁৱৰ বেল্লাল হুছেইন নামৰ বাইক আৰোহীজন। অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *