...

আমাক মাৰি পেলাব বুলি জানো তথাপি উভতিম দেশলৈ : শেখ হাছিনা

আমাক মাৰি পেলাব বুলি জানো তথাপি উভতিম দেশলৈ : শেখ হাছিনা

বাশ্বিংটন,২৩অক্টোবৰ:

ডিচেম্বৰত দেশলৈ উভতিব বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী শেখ হাছিনা। এই বিষয়ে পুনৰ নতুনকৈ মুখ খুলিছে তেওঁ। তেওঁ বাংলাদেশলৈ উভতি যোৱাৰ অৰ্থ যে প্রাণদণ্ড বা কাৰাবাস, অকথ্য অত্যাচাৰ, এনে আশংকা আৰম্ভণিৰে পৰা কৰা হৈছে। হাছিনাই জনাইছে যে পৰিস্থিতি যিয়েই নহওক, তেওঁ দেশলৈ উভতিবই। রাশ্বিংটনৰ এখন সংবাদ মেলত অনলাইনযোগে অংশগ্রহণ কৰিছিল শ্বেখ হাছিনাই। তাতেই তেওঁ কয়-‘মই ডিচেম্বৰত বাংলাদেশলৈ উভতি যাম। মই ভয় খোৱা নাই। মই জানো যে তেওঁলোকে মোক হত্যা কৰিব পাৰে, গ্ৰেপ্তাৰ কৰিব পাৰে আৰু নির্যাতনো চলাব পাৰে। তথাপি উভতি যোৱাটো আমাৰ দায়িত্ব। যিমানেই আশংকাপূর্ণ নহওক কিয় মই কেৰেপ নকৰোঁ। মই উভতি যাবই লাগিব।’ অৱশ্যে হাছিনা পুত্র ছজীৱ বাজেদে জনায় যে তেওঁৰ মাতৃয়ে ডিচেম্বৰৰ কোন সময়ত উভতিব সেয়া এতিয়াও নিশ্চিত নহয়।

Leave a Reply

Your email address will not be published. Required fields are marked *