দুলীয়াজান অধিৱেশনৰ প্ৰস্তুতিৰ এক নতুন দিশ
ডিব্ৰুগড়ত উপ-সমিতিৰ অস্থায়ী কাৰ্যালয় উদ্বোধন
চাইন অন ডেস্ক,২৩ অক্টোবৰ:
অসম সাহিত্য সভাৰ অষ্টসপ্ততিতম দ্বি-বাৰ্ষিক দুলীয়াজান অধিৱেশনক সফল কৰি তোলাৰ লক্ষ্যৰে ডিব্ৰুগড়ত সাংগঠনিক তৎপৰতা আৰম্ভ হৈছে। অধিৱেশনৰ প্ৰস্তুতি আৰু সাংগঠনিক কাম-কাজ অধিক গতিশীল কৰি তোলাৰ উদ্দেশ্যে ডিব্ৰুগড় উপ-সমিতিৰ অস্থায়ী কাৰ্যালয়টো শুকুৰবাৰে সন্ধিয়া ৫.৩০ বজাত ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ 
কাৰ্যালয় উদ্বোধন উপলক্ষে উপ-সমিতিৰ উপ-সভাপতি, লেখক তথা নিবন্ধকাৰ চন্দন ফুকনৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উপ-সমিতিৰ সম্পাদক, লেখক কুশল কোঁৱৰে কয় যে- অসম সাহিত্য সভাৰ অষ্টসপ্ততিতম দ্বি-বাৰ্ষিক দুলীয়াজান অধিৱেশনৰ প্ৰস্তুতিৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়, বিশেষকৈ পুঁজি সংগ্ৰহ, সাংগঠনিক কাম-কাজ আৰু অন্যান্য আনুষংগিক বিষয়সমূহৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে ডিব্ৰুগড় উপ- সমিতিৰ অস্থায়ী কাৰ্যালয়ৰ শুভ উন্মোচন কৰা উদ্দেশ্যে সভাঠন আহ্বান কৰা হৈছে বুলি উল্লেখ কৰে। সভাত উপস্থিত বিশিষ্ট ব্যক্তিসকলে অধিৱেশনখন সফল কৰি তোলাৰ বাবে ঐক্যবদ্ধ প্ৰচেষ্টা, দায়িত্বশীল ভূমিকা আৰু সমূহীয়া সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সভাত উপ-সমিতিৰ কাৰ্যকৰী সভাপতি তথা ডিপিএছৰ পৰিচালন সঞ্চালক সঞ্জয় জৈন, উপ-সভাপতি তথা আহোম সভাৰ জিলা সভাপতি ৰণজিৎ বৰুৱা, প্ৰাক্তন ৱাৰ্ড কমিছনাৰ তথা উপ-সভাপতি ৰণজিৎ চেতিয়া, ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক তথা লেখক ৰাতুল বুঢ়াগোহাঁই, লেখিকা সন্থাৰ সম্পাদক উদয়ন্তি হাজৰিকা আৰু মুখ্য সমন্বয়ক তথা লেখক গৌতম গগৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত উপস্থিত ব্যক্তিসকলে নিজৰ বক্তব্যৰ জৰিয়তে অধিৱেশনৰ সাংগঠনিক কাম-কাজ আগুৱাই নিয়াৰ ক্ষেত্ৰত বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে।
উল্লেখযোগ্য যে সভাখনত উপস্থিত সকলোৰে সৰ্বসন্মতিক্ৰমে আঠটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাপতি আসনৰ পৰা চন্দন ফুকনে কয় যে- অস্থায়ী কাৰ্যালয় মুকলিৰ জৰিয়তে দুলীয়াজান অধিৱেশনৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ডিব্ৰুগড় উপ-সমিতিৰ কাম-কাজে অধিক সংগঠিত ৰূপ লাভ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। সভাৰ আৰম্ভণি হোৱা প্ৰাক্ ক্ষণত সকলোৱে থিয় হৈ “চিৰ চেনেহী” শীৰ্ষক গীত পৰিৱেশন কৰা হয়।
