ডিব্ৰুগড়ৰ ৰেডক্ৰছ ছ’চাইটিৰ বিশিষ্ট লেখক ডাঃ বিপিন্দ্ৰ নাথ কাকতিক সম্বৰ্ধনা
লগতে ছয় শ্বহীদক স্মৰণ
চাইন অন ডেস্ক,২৩ অক্টোবৰ:
ডিব্ৰুগড়ৰ ৰেডক্ৰছ ছ’চাইটিৰ এটি প্ৰতিনিধি দলে ২২ অক্টোবৰত চহৰখনৰ দূৱৰাচুক বাসিন্দা , অৰুণাচল প্ৰদেশ চৰকাৰৰ অৱসৰপ্ৰাপ্ত বিশিষ্ট চিকিৎসক, প্ৰথিতযশা সাহিত্যিক, প্ৰবন্ধকাৰ , সমাজসেৱক, সাহিত্য সুহৃদ ডাঃ বিপিন্দ্ৰ নাথ কাকতিক তেখেতৰ বাসগৃহলৈ গৈ সাক্ষাৎ কৰি ছ’চাইটিৰ ফালৰ পৰা চেলেং চাদৰ, ফুলাম গামোচা, শৰাই, ফুলৰ থোপা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। সম্পাদক অনুজ কুমাৰ বৰুৱাই সম্বৰ্ধনা-
ইয়াৰ পুৰ্বে চছাইটিৰ সদস্যা সকলে পুৱা ১৯৫০ চনৰ ২২ অক্টোবৰত প্ৰলয়ংকৰী বানত দুখনকৈ নাওঁত ৰাইজক সাহাৰ্য আগবঢ়াবলৈ গৈ ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত উটি গৈ সলিল সমাধি ঘটি শ্বহীদ হোৱা ডিব্ৰুগড়ৰ জীৱন ৰাম ফুকন, হনুমান প্রসাদ সিংহানিয়া, কলকাতাৰ মাৰৱাড়ী ৰিলিফ ছ’চাইটিৰ বাবুলাল পোদ্দাৰ, চক্ৰ বিষয়া অজয় মেচ, আৰক্ষী কনিষ্টবল গুৰচৰণ সিং , উত্তৰ পাৰৰ বৰদলনিৰ নিবাসী ১৮ বছৰীয়া ছাত্ৰ ৰুদ্ৰ বৰঠাকুৰক শ্ৰদ্ধাৰে স্মৰণ কৰে।