...

১৯৫০ চনৰ ছয় শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

১৯৫০ চনৰ ছয় শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ডিব্ৰুগড় আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ শ্বহীদ উদ্যানত স্মৰণ

চাইন অন ডেস্ক, ২২অক্টোবৰ:

ডিব্ৰুগড় আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত থকা শ্বহীদ উদ্যানত ছয় শ্বহীদৰ প্ৰতিমূৰ্ত্তিত আজি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়।পুৱা বন্তি প্ৰজ্বলন কৰে ক্ৰমে -ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন,অসম চৰকাৰৰ পৰ্য্যটন বিভাগৰ অধ্যক্ষ ঋতু পৰ্ণ বৰুৱা,অসম চৰকাৰৰ টাউন উন্নয়ন বিভাগৰ সভাপতি অসীম হাজৰিকা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত প্ৰাত্ৰ, শ্বহীদ পৰিয়ালৰ ভাই বোৱাৰী গীতা দেবী,জীৱন ৰাম ফুকনৰ জীয়াৰী বন্দনা ফুকন দাস,সমাজ সেৱক আত্মাৰাম আগৰৱালাই বন্তি প্ৰজ্বলন কৰে।শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি সভাত সভাপতিত্ব কৰে শ্বহীদ স্মৃতি ৰক্ষা সমিতিৰ সভাপতি বিশ্বনাথ গাৰোডীয়াই। বিশিষ্ট অতিথি প্ৰশান্ত ফুকনে শ্বহীদ সকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ মুকলি সভাত শ্বহীদ উদ্যানৰ উন্নয়নৰ ক্ষেত্ৰত বিধায়ক পুজিৰ সহযোগত শ্বহীদৰ প্ৰতিমূৰ্ত্তিক আধুনিক ৰূপত সজাই তোলাৰ উপৰিও শ্বহীদ সকলে সাহাৰ্য্য দিবলৈ গৈ ১৯৫০ চনৰ ব্ৰহ্মপুত্ৰত বিলীন হোৱাৰ বিষয়ে আলোকপাত কৰে।পৰ্যটন বিভাগৰ চেয়াৰমেন ঋতুপৰ্ণ বৰুৱাই ‘৫০ চনত অসমৰ প্ৰলয়ংকাৰী বান আৰু ভূমিকম্পৰ সময়তে শ্বহীদ হোৱা ছয় শ্বহীদৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে সমিতিক ধন্যবাদ জনায় উদ্যানৰ ভিতৰত সদ্যহতে আৰু কৰিবলগীয়া উন্নয়নৰ ওপৰত আলোকপাত কৰে।অসম চৰকাৰৰ টাউন উন্নয়ন বিভাগৰ চেয়াৰমেন অসীম হাজৰিকাই ছয় শ্বহীদ সকলৰ বিষয় সম্পৰ্কে চিন্তাচৰ্চাৰ জৰিয়তে মহান শ্বহীদ সকলৰ চমু জীৱনী এখন আঁৰি দিয়া ওপৰতো এক বিশেষ বক্তব্য ৰাখে।সমিতিৰ কাৰ্যকৰী সভাপতি ডঃ শশীকান্ত শইকীয়া আৰু ডঃ ভাৰতী দত্তই কয় যে উদ্যানৰ ভিতৰত কৰিব পৰা কাম বহুতো আছে আৰু সকলোৰে সহযোগৰ প্ৰয়োজন আছে। শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি ৰক্ষা সমিতিৰ সভাপতি প্ৰকাশ গগৈ উপস্থিত থাকি সেই সময়ত হোৱা অসমৰ প্ৰলয়ংকাৰী বান আৰু ভূমিকম্পৰ কিছুমান গুৰুত্বপূৰ্ণ বক্তব্য উল্লেখ কৰে।সভাখনৰ সম্পাদক অনিল প্ৰসাদ সিংহই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটো ডিব্ৰুগড় মাৰোৱাৰী সন্মিলনৰ বিষয় ববীয়া আৰু ৰেড ক্ৰছ চচাইটিৰ বিষয় ববীয়া সকলৰ উপৰিও সমিতিৰ পৱন গাৰোডীয়া, মানিক বৈশ্য, ৰঞ্জিত মেছ,সূৰেশ আগৰৱালা,মদন কোঁৱৰ, হেমন্ত হাজৰিকা,নিৰজ সিংহানীয়া,সমাজ সেৱক তথা সাংবাদিক এম হাচিম আলি উপস্থিত থাকে।উল্লেখযোগ্য সেই সময়ত মহাবাহুৰ বুকুত বিলীন হোৱা ছয় শ্বহীদ ক্ৰমে -জীৱন ৰাম ফুকন,হনূমান সিংহানীয়া,বাবুলাল পোদ্দাৰ, ৰুদ্ৰ বৰঠাকুৰ,অজয় মেছ,গৌৰ চান্দ সিং আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *