...

মাজৰচৰত ভয়ানক অগ্নিকাণ্ড

মাজৰচৰত ভয়ানক অগ্নিকাণ্ড

দুই পৰিয়ালৰ দুটাকৈ ঘৰ ভস্মীভূত

কেইবালাখ টকাৰ সামগ্ৰী বিনষ্ট

বৰপেটা,১৯অক্টোবৰ:

বৰপেটাৰ চেঙাৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰচৰ হাজীপাৰাত ভয়ানক অগ্নিকাণ্ড।বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সূত্ৰপাত ঘটা জুঁইত ভস্মীভূত দুই পৰিয়ালৰ দুটাকৈ বাসগৃহ,ক্ষয়ক্ষতিৰ পৰিমাণ কেবালক্ষাধিক ।প্ৰাপ্ত তথ্য অনুসৰি আজি দুপৰীয়া গাঁৱখনৰ আবদুল লতিফ গুজুৰ আৰু নৱিৰ হুছেইনৰ ঘৰত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত কেনেবাকৈ জুঁই লাগে আৰু বয়বস্তুৰ লগতে,নগদ ধন,সোণ-ৰূপৰ আ-অলংকাৰ,আচৱাব আৰু বিভিন্ন নথি-পত্ৰ ভস্মীভূত হয় ।
জুইৰ প্ৰকোপ ইমানেই ভয়াবহ আছিল যে মুহূৰ্ত্তৰ ভিতৰতে দুটাকৈ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।স্থানীয় লোকৰ তৎপৰতাত কথমপি জুঁই নুমুৱাবলৈ সক্ষম হয় |অগ্নিকাণ্ডৰ ফলত আনুমানিক ১৩ লাখ টকাৰ অধিক সা-সম্পত্তি নষ্ট হোৱা বুলি পৰিয়াল সূত্ৰে প্ৰকাশ।

Leave a Reply

Your email address will not be published. Required fields are marked *