...

চীন-ভাৰতৰ যুদ্ধত সক্ৰিয়ভাৱে অংশগ্ৰহণ

চীন-ভাৰতৰ যুদ্ধত সক্ৰিয়ভাৱে অংশগ্ৰহণ

অৱসৰপ্ৰাপ্ত সৈনিক কন্দৰ্প কলিতাৰ মৃত্যু
সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ

নগৰবেৰা,১৯অক্টোবৰ:

কামৰূপৰ বকো-ছয়গাঁও সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ পাহাৰপাৰা গাঁৱৰ
বাসিন্দা তথা অৱসৰপ্ৰাপ্ত সৈনিক কন্দৰ্প কুমাৰ কলিতাৰ যোৱা নিশা মৃত্যু হয়।জানিব পৰা মতে ভাৰতীয় সামৰিক বাহিনীৰ আসাম ৰাইফলছৰ অৱসৰপ্ৰাপ্ত সৈনিক কন্দৰ্প কুমাৰ কলিতা(৯১)ই
দীৰ্ঘদিন ধৰি শয্যাগত অৱস্থাত যোৱা নিশা ৮-২৫ বজাত নিজ বাসভৱনত ব্যৰ্দ্বক্যজনিত কাৰণত শেষনিশ্বাস এৰে।উল্লেখ্য যে অৰ্ধ সামৰিক বাহিনীৰ অৱসৰপ্ৰাপ্ত সৈনিক কন্দৰ্প কুমাৰ কলিতাই চাকৰি জীৱনত অৰুণাচল, তেজপুৰ, ছিলং আদি বিভিন্ন স্থানত থাকি দেশ মাতৃৰ সেৱা আগবঢ়াইছিল। ১৯৬২ চনত চীন-ভাৰতৰ যুদ্ধত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা সময়ত তেওঁ গুলীৰ আঘাতত আহত হবলগীয়াও হৈছিল। সৈনিক বিভাগত ২৪ বছৰ কাল সেৱা আগবঢ়াই অৱশেষত তেওঁ প্ৰায় ৪০বছৰ পূৰ্বে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। মৃত্যুৰ সময়ত তেও পত্নীসহ তিনি পুত্ৰ আৰু দুই কন্যা ইহ সংসাৰত এৰি থৈ যায়।অতি সহজ সৰল আৰু শৃংখলাবদ্ধ স্বভাৱৰ কন্দৰ্প কুমাৰ কলিতা অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত থকাৰ লগতে উন্নয়নমুলক কামকাজত যথেষ্ট অৰিহণা আগবঢ়াই আহিছিল। লোকজনৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বিভিন্ন জনে তেওৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জনায় আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। তেওঁৰ মৃত্যুত পৰিয়ালৰ লোকৰ লগতে সমগ্ৰ পাহাৰপাৰা বাসী মৰ্মাহত হৈ পৰে। লোকজনৰ আত্মাৰ সদ্গতি কামনা কৰি সকলোৱে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে। অৱসৰপ্ৰাপ্ত সৈনিক তথা সমাজকৰ্মী গৰাকীৰ মৃত্যুত সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰে।আজি পুৱা প্ৰায় ১০-৩০ বজাত স্থানীয় শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *