...

পাৰঘাট বজাৰক কেন্দ্ৰ কৰি দুই পক্ষৰ শীতল যুঁজ

পাৰঘাট বজাৰক কেন্দ্ৰ কৰি দুই পক্ষৰ শীতল যুঁজ

বন্ধ হল পাৰঘাট ! ৰাইজৰ হাহাকাৰ

নগৰবেৰা,১৭অক্টোবৰ:

শনিবাৰৰ পুৱাই শনি লাগিল পূৱ গোৱালপাৰা আৰু বৰপেটাৰ বাঘমাৰাচৰ সংযোগী জলজলী নৈৰ পাৰত।নবাগত শিমলীতোলা অঞ্চলৰ ৰাইজে নতুনকৈ মুকলি কৰা গেৰুৱা বাঘমাৰা পাৰঘাটটো বন্ধ কৰি দিয়াৰ ফলত নৈৰ দুয়োপাৰে আৱদ্ধ হৈ পৰে শ-শ যাত্ৰী।আনকি পাৰঘাটৰ জটিলতাৰ বাবেই নাৱেৰে এম্বুলেন্স সহ পাৰ কৰিবলগীয়া হয় এগৰাকী চিকিৎসালয় অভিমুখী ৰোগীক ।নতুন পাৰঘাটটো অবৈধ ঘোষণা কৰি আগৰ পাৰঘাটকে বাহাল ৰখাৰ দাবী নবাগত শিমলীতোলা অঞ্চলবাসী ৰাইজৰ।অন্যহাতে পাৰঘাটৰ উত্তৰদিশত নৈপাৰত সমবেত হৈ কেবাশতাধিক ৰাইজে এই জটিলতা নবাগত শিমলীতোলা বজাৰ পৰিচালনা সমিতি আৰু একাংশৰ মইমতালিৰ ফলতেই সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰি উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে। সাম্ভাৱ্য জটিল পৰিস্থিতিৰ উদ্ৰেক ঘটিব পাৰে বুলি ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লোক।জানিব পৰা মতে নবাগত শিমলীতোলা বজাৰ দ্বিবিভক্ত হোৱা আৰু নতুনকৈ মুকলি কৰা পাৰঘাটক কেন্দ্ৰ কৰিয়েই এই যুযুধান পৰিস্থিতি।শীঘ্ৰেই সংশ্লিষ্ট প্ৰশাসনে বিষয়টোৰ সুমীমাংসা আনিব নোৱাৰিলে আগলৈ পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকা ঘণীভূত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *