...

অপৰূপ দুৰ্গা প্ৰতিমা, “লোকশিল্পত মাৰ আগমন” শীৰ্ষক থিমেৰে আলোড়ন

অপৰূপ দুৰ্গা প্ৰতিমা, “লোকশিল্পত মাৰ আগমন” শীৰ্ষক থিমেৰে আলোড়ন

সাজু হৈছে ধুবুৰী বিবেকানন্দ পূজা কমিটি

ধুবুৰী,১৫অক্টোবৰ:

পূৰ্বৰ দৰেই অপৰূপ এক দুৰ্গা প্ৰতিমাৰে এইবেলিৰ দুৰ্গাপূজাতো আলোড়ন সৃষ্টি কৰিবলৈ সাজু হৈছে ধুবুৰী চহৰৰ আৰ.কে. মিছন ৰোডৰ বিবেকানন্দ পূজা কমিটিৰ ৰাজহুৱা পূজাখনে। এইবেলি ২২ বছৰত ভৰি দিয়া এই পূজা কমিটিখনে সদায় থলুৱা শিল্পক বিষয়বস্তু ৰূপে লৈ মণ্ডপ সজ্জা কৰি আহিছে। ঠিক অনুৰূপে এইবাৰো এইবাৰো পূজামণ্ডপৰ সাজসজ্জাত দেখা যাব লোকশিল্পী প্ৰভাব। “লোকশিল্পত মাৰ আগমন” শীৰ্ষক থিমক বিষয়বস্তু ৰূপে লৈ এই পূজাখনৰ মণ্ডপ সজ্জা কৰা হ’ব বুলি বিবেকানন্দ পূজা কমিটিৰ তৰফৰ পৰা অৱগত কৰা হৈছে। ধুবুৰীৰ আগশাৰীৰ মণ্ডপ শিল্পী বিষণ ৰাউটৰ তত্বাবধানত পূজাখনৰ মণ্ডপ সজ্জাৰ কাম বৰ্তমানে পূৰ্ণ গতিত চলি আছে। আনহাতে, স্থানীয় খনিকৰ স্বপন পালে নিৰ্মাণ কৰি থকা দূৰ্গাপূজাখনৰ অতীজৰ যুগৰ গাওঁলীয়া এক পৰিৱেশ আৰু অভিব্যক্তিৰ দুৰ্গা প্ৰতিমাটোৱে এতিয়াই বহুতোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ২০২৫ বৰ্ষত সামাজিক, সাংস্কৃতি সংগঠন কৃষ্টিৰ শ্ৰেষ্ঠ দুৰ্গা প্ৰতিমাৰ খিতাপ বিজয়ী বিবেকানন্দ পূজা কমিটিয়ে এইবাৰো শ্ৰেষ্ঠ দুৰ্গা প্ৰতিমাৰ খিতাপ লাভ কৰিব বুলি আশাবাদী হৈ থকা পোৱা গৈছে। উল্লেখ্য যে, এই পূজা কমিটিখনৰ এইবেলিৰ বাজেট ৩.৫ লাখৰ পৰা ৪ লাখ টকা ধাৰ্য্য কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *