...

যুৱ ভাৰতীয় সংসদৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈ আদৰ্শ বিদ্যালয় দোকুচি’ৰ ছাত্ৰ ৰিজৱানুৰ ৰহমান

যুৱ ভাৰতীয় সংসদৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈ আদৰ্শ বিদ্যালয় দোকুচি’ৰ ছাত্ৰ ৰিজৱানুৰ ৰহমান


নগৰবেৰা,৬অক্টোবৰ:

কামৰূপৰ নগৰবেৰাস্থিত আদৰ্শ বিদ্যালয়, দোকুচি’ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ৰিজৱানুৰ ৰহমানে মিজোৰামত অনুষ্ঠিত ইয়ং ইণ্ডিয়ানচ্ পাৰ্লিয়ামেণ্ট ’ ৰ উত্তৰ-পূৰ্বাঞ্চলীয় আঞ্চলিক পৰ্যায়ত সফলতাৰে অংশগ্ৰহণ কৰি বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
অক্টোবৰ ’২৬ ত অনুষ্ঠিত এই আঞ্চলিক পৰ্যায়ৰ প্ৰতিযোগিতাত ৰিজৱানুৰ ৰহমানে ইয়ং চান্স মেকাৰ এৱাৰ্ড ’ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰি উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ইয়ং ইণ্ডিয়ানচ্ পাৰ্লিয়ামেণ্ট ’ত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হৈছে।
উল্লেখ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানটো ৩০ অক্টোবৰৰ পৰা ১ নৱেম্বৰ ২০২৬লৈ নতুন দিল্লীত অনুষ্ঠিত হ’ব।
ৰিজৱানুৰ ৰহমানৰ এই সাফল্যত আদৰ্শ বিদ্যালয়, দোকুচি’ৰ অধ্যক্ষ ড°ৰমেন বায়ন সমন্বিতে সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে আনন্দ প্ৰকাশ কৰাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *