...

স্বীকৃতি বাতিল হোৱা নাই ডিব্ৰুগড়ৰ ২৭ ব্যক্তিগত বিদ্যালয়ৰ

স্বীকৃতি বাতিল হোৱা নাই ডিব্ৰুগড়ৰ ২৭ ব্যক্তিগত বিদ্যালয়ৰ

প্ৰশাসনিক স্বীকৃতিৰ নথি-পত্ৰৰ কিছু ক্ৰুটি শুধৰাবলৈ জাননী জাৰি

স্পষ্ট কৰিলে ডিব্ৰুগড়ৰ শিক্ষা বিষয়াই

চাইন অন ডেস্ক,৫অক্টোবৰ:

স্বীকৃতি বাতিল হোৱা নাই ডিব্ৰুগড়ৰ ২৭ ব্যক্তিগত বিদ্যালয়ৰ।প্ৰশাসনিক স্বীকৃতিৰ নথি-পত্ৰৰ কিছু ক্ৰুটি শুধৰাবলৈ জাননী জাৰি কৰা হৈছিল বুলি আজি ডিব্ৰুগড়ৰ জিলা শিক্ষা বিষয়া কবিতা ডেকাই এক সংবাদমেলৰ জৰিয়তে এই মন্তব্য কৰে।ডিব্ৰুগড় জিলাৰ ২৭খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ স্বীকৃতি বাতিল হোৱা বুলি শেহতীয়াকৈ প্ৰচাৰিত বাতৰিক লৈ স্পষ্টীকৰণ আগবঢ়াই ডিব্ৰুগড়ৰ জিলা শিক্ষা বিভাগে।এই সন্দৰ্ভত জিলা শিক্ষা বিষয়াগৰাকীয়ে সাংবাদিকক
সম্বোধন কৰি কয় যে, সামাজিক মাধ্যমৰ লগতেই আন কিছু মাধ্যমত ডিব্ৰুগড়ৰ ২৭ খন ব্যক্তিগত বিদ্যালয়ৰ পঞ্জীয়ন বাতিল হোৱা বুলি প্ৰচাৰিত বাতৰিত কোনেও ভয় বা শংকিত হোৱাৰ প্ৰয়োজন নাই। দৰাচলতে উক্ত বিদ্যালয়সমূহৰ স্বীকৃতি বাতিল কৰা হোৱা নাই আৰু বিদ্যালয়সমূহ বন্ধ কৰাৰ কোনো নিৰ্দেশো বিভাগৰ পৰা দিয়া হোৱা নাই।জিলা শিক্ষা বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ পৰা লাভ কৰা এখন পত্ৰৰ আধাৰত জিলাখনৰ মুঠ ২৭খন বিদ্যালয়ক প্ৰশাসনিক স্বীকৃতি (Administrative Recognition) লাভৰ বাবে নিৰ্ধাৰিত নিয়ম-নীতি পালন কৰিবলৈ জাননী জাৰি কৰা হৈছিল। ৰাজ্যিক পৰ্যায়ৰ কমিটিয়ে বিদ্যালয়সমূহৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ সময়ত উক্ত বিদ্যালয়ৰ অগ্নিনিৰ্বাপক ব্যৱস্থা, পিডব্লিউডিৰ গৃহ সুৰক্ষা প্ৰমাণ-পত্ৰ, খোৱাপানীৰ ব্যৱস্থা আৰু ভূমি সম্পৰ্কীয় প্ৰয়োজনীয় নথি-পত্ৰকে আদি কৰি কিছুমান ক্ষেত্ৰত কিছু ক্ৰুটি পৰিলক্ষিত হৈছিল সেই ২৭ খন সংশ্লিষ্ট বিদ্যালয়ৰ।ইয়াৰ পাছতে সংশ্লিষ্ট বিদ্যালয়সমূহক উক্ত ক্ৰুটিসমূহ শুধৰাই প্ৰয়োজনীয় নথি-পত্ৰ দাখিল কৰিবলৈ বিভাগে সুযোগ প্ৰদান কৰিছে বুলি জানিবলৈ দিয়ে। শিক্ষা বিষয়াগৰাকীয়ে জনোৱা মতে লগতে ২৭খন বিদ্যালয়ৰ ভিতৰত ইতিমধ্যে একাংশ বিদ্যালয়ে প্ৰয়োজনীয় নথি-পত্ৰ সংগ্ৰহ কৰি ক্ৰুটিসমূহ শুধৰাই পুনৰ আবেদন (Appeal) জনাইছে স্বীকৃতিৰ বাবে।হয়তো, কিছু কিছু ক্ষেত্ৰত অলপ সময়ৰ প্ৰয়োজন হব পাৰে।
এই সমগ্ৰ প্ৰক্ৰিয়াটো বিদ্যালয়সমূহৰ প্ৰশাসনিক স্বীকৃতিৰ সৈতে জড়িত আৰু ইয়াক বিদ্যালয়ৰ স্বীকৃতি বাতিল বা বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত হিচাপে গণ্য কৰিব নালাগে বুলিও উল্লেখ কৰে। আনহাতে বিদ্যালয় সমুহৰ স্বৃকীতি বাতিলৰ সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে অভিভাৱকসকলৰ মাজত সৃষ্টি কৰা উদ্বেগৰ পৰিপ্ৰেক্ষিতত শিক্ষা বিষয়াগৰাকীয়ে অভিভাৱকসকলক চিন্তিত নহ’বলৈ আহ্বান জনায়। তেওঁ কয় যে বিদ্যালয়সমূহক নিয়ম অনুসৰি প্ৰয়োজনীয় নথি-পত্ৰ পূৰণ কৰি প্ৰশাসনিক স্বীকৃতি লাভৰ বাবে যথেষ্ট সুযোগ দিয়া হৈছে।যদি এই ক্ষেত্ৰত অভিভাৱকসকলৰ কিবা খুদুৱনি আছে, তেনেস্থলত তেওঁলোকে জিলাৰ শিক্ষা বিভাগৰ কাযাৰ্লয়ত যোগাযোগ কৰিব পাৰিব। উল্লেখ্য যে অসম বিদ্যানিকেতন, চাবুৱা;
স্বাধ্যায় একাডেমী ছিনিয়ৰ মাধ্যমিক বিদ্যালয়,
জামিৰা;জাতীয় বিদ্যালয়, চাবুৱা;আচিচি নিকেটন,লাহোৱাল;মদাৰখাট গৰীয়শী জাতীয় বিদ্যালয়,লাহোৱাল;সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়,ডিব্ৰুগড়;ইন্দ্ৰেশ্বৰ শৰ্মা একাডেমী ছিনিয়ৰ মাধ্যমিক বিদ্যালয়,ডিব্ৰুগড়;
পিছ কটেজ স্কুল (ইউনিভাৰ্চেল পিছ একাডেমী)ডিব্ৰুগড়;
দুলীয়াজান চিনিয়ৰ চেকেণ্ডেৰী স্কুল;
পেৰাগন এম.জি.একাডেমী,চাবুৱা;
ডিকম জাতীয় বিদ্যালয়;
পূৰ্বাঞ্চল জাতিয় বিদ্যালয়,বৰবৰুৱা;
লিটিল ষ্টাৰ এইচ এছ স্কুল,টেঙাখাত;
ছেইণ্ট জেভিয়াৰছ স্কুল,ডিব্ৰুগড়;
মনফৰ্ট স্কুল,চাবুৱা;চি জি পূৰ্বাঞ্চল ছিনিয়ৰ মাধ্যমিক বিদ্যালয়,ডিব্ৰুগড়;
ছেক্ৰেড গ্ৰ’ভ একাডেমী,ডিব্ৰুগড়;
ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়,মৰিচা গাঁও,চাবুৱা;
বৰবৰুৱা জাতীয় বিদ্যালয়,বৰবৰুৱা;
ব্ৰহ্মপুত্ৰ ভেলী একাডেমী,মোহনাঘাট;
ডি ডি চি মেম’ৰিয়েল হাইস্কুল,টিংৰাই চাৰিআলি;
লিটিল ফ্লাৱাৰ এইচ এছ স্কুল,ডিব্ৰুগড়;
ভাদৈ ছিনিয়ৰ মাধ্যমিক বিদ্যালয়,ভাদৈ পাছ আলি; জয়পুৰ জাতীয় বিদ্যালয়,জয়পুৰ;
হলি চাইল্ড ইংলিছ একাডেমী,মৰানহাট;
অনিৰুদ্ধ দেৱ জাতীয় বিদ্যালয়,চাবুৱা আৰু
ডিব্ৰুগড় আদৰ্শ বিদ্যালয়,লাহোৱাল; এই ২৭ খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ জিলা শিক্ষা বিভাগে নিদেৰ্শনা জাৰি কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *