আমাৰ অংগনবাডী, আমাৰ দায়িত্ব’
সেৱা সংকল্প অভিযানত পুষ্টি আৰু প্ৰাৰম্ভিক শৈশৱৰ যত্নত ৰাইজৰ ভূমিকাক গুৰুত্ব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
‘স্বাস্থ্যই সম্পদ’ শ্লোগান, অংগনবাডী কেন্দ্ৰসমূহৰ প্ৰতি ৰাইজক অধিক দায়িত্ববোধ ল’বলৈ আহ্বান
চাইন অন ডেস্ক,৪অক্টোবৰ:
দেওবাৰে সেৱা সংকল্প অভিযান আৰু ৯ তম ৰাষ্ট্ৰীয় পুষ্টি মাহৰ অংশ হিচাপে চাবুৱা-লাহোৱালৰ ৰেটমেলাত অনুষ্ঠিত ‘অংগন মিলন সেৱা’ কাৰ্যসূচীত পুষ্টি, মাতৃত্ব আৰু শিশু স্বাস্থ্য তথা প্ৰাৰম্ভিক শৈশৱৰ যত্ন সুদৃঢ় কৰাত ৰাইজৰ ভূমিকাৰ ওপৰত আলোকপাত কৰা হয়।
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিশু, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃৰ স্বাস্থ্য আৰু কল্যাণ সুনিশ্চিত কৰাৰ বাবে সামূহিক দায়িত্বৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ৰাইজক অংগনবাডী কেন্দ্ৰসমূহ কেৱল চৰকাৰী কেন্দ্ৰ বুলি নাভাবি এইবোৰৰ সুচাৰু পৰিচালনাৰ বাবে পৰিয়াল আৰু সমাজৰ সক্ৰিয় অংশগ্ৰহণৰ আহ্বান জনায়।
“আমাৰ অংগনবাডী, আমাৰ দায়িত্ব” বুলি উল্লেখ কৰি তেওঁ কয় যে পুষ্টিৰ মান উন্নত কৰা আৰু শিশুৰ সুস্থ বিকাশ সুনিশ্চিত কৰাৰ দায়িত্ব কেৱল চৰকাৰী সংস্থাবোৰৰ ওপৰতে এৰি দিব নোৱাৰি। মন্ত্ৰীগৰাকীয়ে ‘স্বাস্থ্যই সম্পদ’ নীতিৰ গুৰুত্ব দর্শাই উল্লেখ কৰে যে
এক শক্তিশালী সমাজ গঢ়াৰ বাবে সুস্থ জনসংখ্যা অপৰিহাৰ্য। তেওঁ বিশেষকৈ গৰ্ভাৱস্থা আৰু শৈশৱৰ প্ৰাৰম্ভিক
সময়ছোৱাত সুষম আহাৰ, ব্যক্তিগত পৰিচ্ছন্নতা আৰু প্ৰতিষেধকমূলক স্বাস্থ্যসেৱাৰ বিষয়ে অধিক সচেতনতা সৃষ্টিৰ আহ্বান জনায়। স্থানীয়ভাৱে উপলব্ধ পৌষ্টিক খাদ্যৰ সঠিক ব্যৱহাৰ কৰিবলৈ আৰু পাকঘৰৰ শাক-পাচলিৰ বাগান তথা ‘পোষণ বাটিকা’ গঢ়ি তুলিবলৈ তেওঁ পৰিয়াল আৰু ৰাইজক উৎসাহিত কৰে। স্থানীয়ভাৱে শাক-পাচলি উৎপাদন
কৰিলে ঘৰুৱা পুষ্টিৰ নাটনি পূৰণ হোৱাৰ লগতে স্বাস্থ্যকৰ খাদ্যৰ অভ্যাসো গঢ়ি উঠিব বুলি তেওঁ কয়।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অংগনবাডী কৰ্মী, সহায়িকা আৰু আশা (ASHA) কৰ্মীসকলৰ কাৰ্যসূচীক প্ৰশংসা কৰে, যিসকলে তৃণমূল পৰ্যায়ত চৰকাৰী জনকল্যাণমূলক আঁচনি আৰু ৰাইজৰ মাজত এক গুৰুত্বপূৰ্ণ সেতু হিচাপে কাম কৰি আহিছে।
ইয়াৰ পূৰ্বে, বেটমেলা অংগনবাডী কেন্দ্ৰ পৰিদৰ্শন আৰু পোষণ বাটিকাত বৃক্ষৰোপণ কাৰ্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। আমন্ত্ৰিত অতিথি-সকল অংগনবাডী কৰ্মী, সহায়িকা আৰু হিতাধিকাৰীসকলৰ সৈতে ভাব-বিনিময় কৰে আৰু কেন্দ্ৰটোৰ যোগেদি আগবঢ়োৱা সেৱাসমূহৰ পৰ্যালোচনা কৰে।
উপস্থিত ৰাইজক উদ্দেশ্যি ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে
দীৰ্ঘম্যাদী স্বাস্থ্য আৰু বিকাশৰ ফলাফল নিৰ্ধাৰণ কৰাত পুষ্টি আৰু প্ৰাৰম্ভিক শৈশৱৰ যত্নৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয় যে গৰ্ভাৱস্থাৰ পৰা শিশুটিৰ প্ৰাৰম্ভিক বছৰকেইটা শাৰীৰিক
আৰু মানসিক বিকাশৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ, গতিকে গৰ্ভৱতী মহিলা, প্ৰসূতি মাতৃ আৰু শিশুৰ পুষ্টিৰ প্ৰয়োজনীয়তাৰ প্ৰতি নিৰন্তৰ মনোযোগ দিয়াৰ প্ৰয়োজন।
জিলা আয়ুক্তগৰাকীয়ে অংগনবাডী কেন্দ্ৰসমূহক পুষ্টি, স্বাস্থ্য সহায় আৰু প্ৰাৰম্ভিক শৈশৱৰ যত্ন প্ৰদানকাৰী ৰাইজৰ নিজা প্ৰতিষ্ঠান হিচাপে গঢ়ি তুলিবলৈ লোৱা প্ৰচেষ্টাসমূহ উল্লেখ কৰে। তেওঁ অংগনবাডী কৰ্মী, সহায়িকা আৰু আশা
কৰ্মীসকলৰ কামৰ ভূয়সী প্ৰশংসা কৰে আৰু সেৱাৰ গুণগত মান উন্নত কৰিবলৈ ধাৰাবাহিক ৰাজহুৱা অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
চাবুৱা-লাহোৱালৰ বিধায়ক পোনাকণ বৰুৱাই পুষ্টি আৰু স্বাস্থ্যকৰ খাদ্য অভ্যাসৰ বিষয়ে নিৰন্তৰ সজাগতা সৃষ্টিৰ গুৰুত্ব সম্পৰ্কে বক্তব্য ৰাখে। ‘পোষণ অভিযান’ আৰম্ভ হোৱাৰ পৰা গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে গৰ্ভৱতী মহিলা, প্ৰসূতি মাতৃ আৰু শিশুৰ পুষ্টিৰ প্ৰয়োজনীয়তা সম্পৰ্কে পৰিয়ালসমূহৰ মাজত অধিক সজাগতা সৃষ্টি
হৈছে। শাক-পাচলি আৰু অন্যান্য পুষ্টিকৰ উৎপাদনেৰে স্থানীয়ভাৱে উপলব্ধ খাদ্যৰ মূল্যৰ ওপৰত গুৰুত্ব দি তেওঁ ৰাইজক পাকঘৰৰ বাগান আৰু পোষণ বাটিকা প্ৰস্তুত কৰিবলৈ উৎসাহিত কৰে।
এই কাৰ্যসূচীত এক আত্মৰক্ষাৰ প্ৰদৰ্শনী আৰু অন্নপ্ৰাশন তথা পঞ্চামৃত অনুষ্ঠান সামৰি লোৱা হয়। অংগনবাডী কৰ্মী আৰু সহায়িকাসকলৰ সৈতে হোৱা এক মতবিনিময় অনুষ্ঠানে তেওঁলোকৰ ক্ষেত্ৰভিত্তিক দায়িত্ব আৰু অভিজ্ঞতাৰ বিষয়ে আলোচনা কৰাৰ সুযোগ প্ৰদান কৰে।
অপুষ্টি দূৰীকৰণ আৰু প্ৰাৰম্ভিক শৈশৱৰ বিকাশ সুদৃঢ় কৰাৰ বাবে চৰকাৰী সংস্থা, ফ্ৰণ্টলাইন কৰ্মী, পৰিয়াল আৰু ৰাইজৰ এক সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাক পুনৰাই দোহাৰি কাৰ্যসূচীৰ সামৰণি মৰা হয়।
এই অনুষ্ঠানত জনপ্ৰতিনিধি, প্ৰশাসনিক বিষয়া, অংগনবাডী পৰিদৰ্শিকা ও কৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।