ডিব্ৰুগড়ত পথৰ পৰা ছয় শিশুক উদ্ধাৰ
চাইন অন ডেস্ক,৩ অক্টোবৰ:

উদ্ধাৰ কৰা শিশুকেইটিক ডিব্ৰুগড়ৰ শিশু কল্যাণ সমিতিৰ সন্মুখত হাজিৰ কৰোৱা হয়। সমিতিয়ে শিশুকেইটিক যত্ন আৰু সুৰক্ষাৰ বাবে প্ৰেৰণা শিশু গৃহত ৰখাৰ ব্যৱস্থা কৰে।
অভিযানটো জিলা প্ৰশাসনৰ অসুৰক্ষিত আৰু বিপদাপন্ন অৱস্থাত থকা শিশুসকলক চিনাক্ত কৰি তেওঁলোকৰ সুৰক্ষা, পুনৰ্বাসন আৰু প্ৰয়োজনীয় যত্ন নিশ্চিত কৰাৰ চলিত প্ৰচেষ্টাৰ অংশ।