...

দলগাঁৱত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নাহেৰ আলীৰ বিদায় সভা

দলগাঁৱত প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নাহেৰ আলীৰ বিদায় সভা

দলগাঁও,১অক্টোবৰ:

দৰঙৰ ৫নং বৰুৱাঝাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নাহেৰ আলীৰ শিক্ষকতাৰ কাৰ্যকাল কালি সমাপ্ত হোৱাত বিদায় সভা এখন অনুষ্ঠিত হয়। বিদ্যালয় খনত এই উপলক্ষে অৱসৰপ্ৰাপ্ত শিক্ষক সমাজ কৰ্মী হাছমত আলীৰ সভাপতিত্বত অনুষ্ঠিত হয় বিদায় সভা। সভা খনত অঞ্চলটোৰ বহু কেই গৰাকী জ্যেষ্ঠ লোক উপস্থিত থকাৰ লগতে বিদ্যালয় খনৰ শিক্ষক, শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে। উল্লেখ্য যে ১৯৯৫ চনৰ পৰা শিক্ষকতা আৰম্ভ কৰি একেৰাহে ৩১ বছৰ পাৰ কৰি অঞ্চলটোত সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা শিক্ষক গৰাকীয়ে আজি অৱসৰ গ্ৰহণ কৰে। এই উপলক্ষে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা বিদায়ী শিক্ষক গৰাকীক ফুলাম গামোচা, শৰাই, জাপি, মানপত্ৰ, ছাতি, কিতাপৰ টোপোলা আৰু অন্যান্য সামগ্ৰী প্ৰদান কৰা হয়। অঞ্চলটোৰ ৰাইজৰ মৰম স্নেহ পাই যথেষ্ট আৱেগিক হৈ পৰা শিক্ষক গৰাকীক ছাত্ৰ ছাত্ৰী, শিক্ষক সকলে নিজ বাস ভৱন লৈ আগুৱাই লৈ যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *