ডিব্ৰুগড়ত টাইপাৰ সংবাদমেল
জনজাতিকৰণ নকৰিলে চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ !
বানপীড়িতৰ বাবে ৫ হাজাৰ কোটিৰ পেকেজ দাবী
চাইন অন ডেস্ক,৩০ ছেপ্তেম্বৰঃ
টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবী পূৰণ নহ’লে অনাগত দিনত তীব্ৰ আৰু ধাৰাবাহিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)। আজি ডিব্ৰুগড়ৰ লিটিল পেলেছ হোটেলত অনুষ্ঠিত সংগঠনটোৰ বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ অন্তত আয়োজিত এক সংবাদমেলত এই কথা ঘোষণা কৰে টাইপাৰ কেন্দ্ৰীয় সভাপতি দিগন্ত তামুলীয়ে। সংবাদমেলত টাইপাৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে টাই আহোমকে ধৰি ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো লৈ চৰকাৰে কেৱল প্ৰতিশ্ৰুতিহে দি আহিছে, কিন্তু বাস্তৱ ক্ষেত্ৰত কোনো ধৰণৰ ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা নাই। তেওঁ অনাগত সংসদীয় অধিৱেশনতে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়ক গৃহীত কৰি আইনত পৰিণত কৰাৰ দাবী জনোৱাৰ লগতে আগন্তুক বিধানসভাৰ অধিৱেশনত মন্ত্ৰীগোটৰ প্ৰতিবেদন আলোচনা কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিবলৈ দাবী জনায়। চৰকাৰে যদি শীঘ্ৰে এই দাবীসমূহত গুৰুত্ব নিদিয়ে,
তেন্তে প্ৰথম পৰ্যায়ত জিলাই জিলাই ধৰ্ণা, পৰৱৰ্তী সময়ত অসম বিধানসভা ঘেৰাও, দিল্লীৰ যন্তৰ-মন্তৰত প্ৰতিবাদ আৰু ইয়াৰ পিছত অসম বন্ধ তথা অৰ্থনৈতিক অৱৰোধৰ দৰে কঠোৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি টাইপাই স্পষ্ট কৰি দিয়ে। শেহতীয়া বানপানীত অসমত হোৱা ব্যাপক ক্ষয়-ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰৰ পৰা ন্যূনতম ৫,০০০ কোটি টকাৰ বিশেষ সাহায্য পেকেজ ঘোষণাৰ দাবী জনায় সংগঠনটোৱে। বানত ৰাজ্যৰ ১০ লাখৰো অধিক লোক প্ৰভাৱিত হোৱা, অসংখ্য ঘৰ-দুৱাৰ ধ্বংস হোৱাৰ লগতে বহু লোকৰ প্ৰাণহানি হোৱা বুলি উল্লেখ কৰি বানপীড়িতৰ ত্বৰান্বিত পুনৰ সংস্থাপন, ক্ষতিগ্ৰস্ত আন্তঃগাঁথনি পুনৰ নিৰ্মাণ আৰু ক্ষতিপূৰণৰ বাবে এই সাহায্য অপৰিহাৰ্য বুলি মত প্ৰকাশ কৰে। ৰাজ্যৰ একাংশ অঞ্চলত চলি থকা অবৈধ কয়লা আৰু শিল খননৰ ফলতে বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে টাইপাই। এই সমগ্ৰ
বিষয়টোৰ এক উচ্চস্তৰীয় তথা চিবিআই তদন্তৰ দাবী জনোৱাৰ লগতে অবৈধ কয়লা আৰু শিল পৰিবাহী যান-বাহনৰ বিৰুদ্ধে চৰকাৰে তৎপৰতাৰে ব্যৱস্থা নকৰিলে সংগঠনৰ কৰ্মীসকলে নিজাববীয়াকৈ তীব্ৰ অভিযান চলাব বুলি সকীয়াই দিয়ে।অন্যহাতে সংবাদমেলত ইয়াকো প্ৰকাশ কৰে যে বৰ্তমান বিভক্ত হৈ থকা টাইপাৰ বিভিন্ন গোটসমূহৰ মাজত একত্ৰীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইয়াৰ অংশস্বৰূপে অনুষ্ঠানটোতে আন এটা গোটৰ সাধাৰণ সম্পাদক উদিপ্ত গগৈ আৰু সাংগঠনিক সম্পাদক নিটুল বৰুৱাৰ নেতৃত্বত প্ৰায় ৫০ জনীয়া এটা দলে আনুষ্ঠানিকভাৱে দিগন্ত তামুলী নেতৃত্বাধীন গোটটোত যোগদান কৰে। সংবাদমেলত টাইপাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি সঞ্জীৱ কোঁৱৰ, যুটীয়া সম্পাদক সুভন কোঁৱৰ আৰু ৰিন্টু গগৈকে ধৰি কেইবাজনো কেন্দ্ৰীয় বিষয়ববীয়া উপস্থিত থাকে৷