বৰবৰুৱাৰ সামগ্ৰিক পৰিস্কাৰ পৰিচ্ছন্নতা আৰু উন্নয়ন
বি চি পি এলৰ কেইবা লাখ টকাৰ আঁচনি গ্ৰহণ
চাইন অন ডেস্ক, ২৯ছেপ্টেম্বৰ:
বৰবৰুৱা অঞ্চলৰ সামগ্ৰিক পৰিস্কাৰ পৰিচ্ছন্নতাৰ লগতে উন্নয়নৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। বি চি পি এলৰ চি এচ আৰ আঁচনিৰ ন’ডেল বিষয়া চন্দন বৰুৱাই জানিবলৈ দিয়া মতে, জাবৰ জোথৰে বিশেষকৈ বৰবৰুৱা বজাৰ আৰু সমীপবৰ্তী এলেকাটো অপৰিস্কাৰ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত বি চি পি এল কৰ্তৃপক্ষই প্ৰতিষ্ঠানটোৰ চি এচ আৰ আঁচনিৰ অধীনত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ গ্ৰহণ কৰা আঁচনি সমূহৰ অন্যতম হ’ল, বৰবৰুৱা দুৰ্গা মন্দিৰৰ সন্মুখত দুটা বক্স কালভাৰ্ট সহ নলা খনন আৰু পৰিস্কাৰকৰণৰ লগতে বৰবৰুৱা বজাৰৰ নলা পৰিষ্কাৰকৰণ, বৰবৰুৱা দুৰ্গা মন্দিৰৰ ওচৰৰ অসম ট্ৰাংক ৰোডৰ কালভাৰ্টৰ পৰা জামিৰা পথাৰলৈ নলা খনন আৰু পৰিস্কাৰকৰণ, বৰবৰুৱা চাহ বাগিচাৰ ৬ নং চেকচনৰ পৰা ২আৰু ৩নং লাইন হৈ জামিৰা পথাৰলৈ নলা খনন আৰু পৰিস্কাৰকৰণৰ, দাইনিজান তিনিআলিৰ পৰা বিহিয়াটিং সংযোগী নলালৈ
নলা খনন আৰু পৰিস্কাৰকৰণ, বৰবৰুৱা আৰক্ষী থানাৰ সন্মুখত বৰবৰুৱা বজাৰত যাত্ৰীৰ অপেক্ষা গৃহ নিৰ্মাণ, আৰ চি চি ঢাকনি যুক্ত নলা সহ বৰবৰুৱাত ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা নতুন বজাৰ কমপ্লেক্সৰ ওচৰত এটা পেস্ৰাৱাগাৰ আৰু শৌচাগাৰ নিৰ্মাণ। উল্লেখযোগ্য যে, এই প্ৰকল্প সমূহ ৰূপায়ণৰ বাবে বি চি পি এল কৰ্তৃপক্ষই মেচাৰ্ছ ছ’চিয়েল এম্পায়াৰমেণ্ট এণ্ড ইকনমিক ডেভেলপমেণ্ট ছ’চাইটিক অনুমতি প্ৰদান কৰিছে, যিটো বি চি পি এলৰ তালিকাভুক্ত অন্যতম চি এচ আৰ আঁচনিৰ ৰূপায়ণকাৰী সংস্থা। উক্ত আঁচনিৰ ৰূপায়ণৰ বাবে ধাৰ্য কৰা হৈছে প্ৰায় ৯০ লাখ টকা।ইয়াৰোপৰি সমগ্ৰ বৰবৰুৱা অঞ্চলটো পৰিস্কাৰকৈ ৰাখিবলৈ নিয়মীয়া ভিত্তিত লেপেটকতাৰ পৰা জামিৰা তিনিআলিলৈকে মূল পথৰ কাষৰ আৱৰ্জনা সংগ্ৰহ আৰু নিষ্কাষণৰ কামো উক্ত সংস্থাটোক দিয়া হৈছে বুলি নডেল বিষয়া চন্দন বৰুৱাই জানিবলৈ দিছে। আশা কৰা গৈছে, এই কাম সমূহ নিয়াৰিকৈ সম্পন্ন হ’লে বৰবৰুৱা অঞ্চলটো পৰিস্কাৰ পৰিচ্ছন্ন অঞ্চলত পৰিণত হ’ব।