...

জোনাইত পথাৰৰ মাজত অৰ্ধগলিত অচিনাক্ত মৃতদেহ উদ্ধাৰ

জোনাইত পথাৰৰ মাজত অৰ্ধগলিত অচিনাক্ত মৃতদেহ উদ্ধাৰ

মৃতদেহটো মহিলাৰ বুলি সন্দেহ

চাইন অন ডেস্ক, ২৭ছেপ্তেম্বৰ:

জোনাই আৰক্ষী থানাৰ অন্তৰ্গত জয়মাগুৰি ধাননি পথাৰ মাজত পূৱাই এটা অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে পুৱাই কেইগৰাকী মান মহিলাই ঘাঁহ কাটি থকা অৱস্থাত দুৰ্গন্ধ পাই কিবা জীৱ জন্তু মাৰিছে নেকি বুলি চোৱাত এটা অচিনাক্ত অৰ্ধ গলিত মানুহৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে। লগে লগে স্থানীয় গাওপ্ৰধানক খবৰ দিয়ে স্থানীয় মহিলা কেইগৰাকীয়ে । ইয়াৰ পিছতে

স্থানীয় গাওঁ প্ৰধানগৰাকীয়ে জোনাই আৰক্ষীক খবৰ দিয়াত ইতিমধ্যে জোনাই আৰক্ষীৰ আৰু ফৰেনছিকৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ইফালে স্থানীয় ৰাইজে অচিনাক্ত মৃতদেহটো প্ৰায় ২৫-৩০ বছৰীয়া এগৰাকী মহিলা হব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে।অৱশ্যে অচিনাক্ত মহিলা গৰাকীক কোনোবাই পৰিকল্পিতভাৱে হত্যা কৰি জয়মাগুৰি ধাননি পথাৰৰ মাজত পেলাই থৈ গৈছে নে? আন্য কাৰণ বা কেনেকৈ মৃত্যু হল এইয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।

Leave a Reply

Your email address will not be published. Required fields are marked *