...

‘বন্দে মাতৰম’ৰ ১৫০ বৰ্ষপূৰ্তি উপলক্ষে ৰামেশ্বৰ শৰ্মা ফুকন শংকৰদেৱ বিদ্যা নিকেতনত বৰ্ণাঢ্য কাৰ্যসূচী

‘বন্দে মাতৰম’ৰ ১৫০ বৰ্ষপূৰ্তি উপলক্ষে ৰামেশ্বৰ শৰ্মা ফুকন শংকৰদেৱ বিদ্যা নিকেতনত বৰ্ণাঢ্য কাৰ্যসূচী

চাইন অন ডেস্ক,২৬ছেপ্তেম্বৰ:

কালজয়ী গীত ‘বন্দে মাতৰম’ৰ ১৫০ বৰ্ষপূৰ্তি উপলক্ষে অখিল ভাৰতীয় শিক্ষা সংস্থা বিদ্যা ভাৰতীৰ তত্ত্বাবধানত ডিব্ৰুগড়ৰ চিৰিং চাপৰিস্থিত মাতৃভাষা মাধ্যমৰ আগশাৰীৰ বিদ্যালয়, ৰামেশ্বৰ শৰ্মা ফুকন শংকৰদেৱ বিদ্যা নিকেতনত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে দিৱসটি পালন কৰা হয়।
অনুষ্ঠানটিয়ে ‘বন্দে মাতৰমৰ ১৫০ বৰ্ষপূৰ্তি— নমামি ভাৰতম’ নামেৰে নামকৰণ কৰা হয়, যিয়ে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক দেশপ্ৰেম আৰু জাতীয়তাবোধৰ প্ৰতি অধিক অনুপ্ৰাণিত কৰেে।
পুৱা ১০:৩০ বজাত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ৰামেশ্বৰ শৰ্মা ফুকন শংকৰদেৱ বিদ্যা নিকেতনতো ভাৰত মাতাক মাল্য অৰ্পণ কৰাৰ লগতে নিকেতনত বন্তি প্ৰজ্বলন কৰে ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদক তথা বিশিষ্ট সমাজকৰ্মী মীনাক্ষী দাস বৰুৱাই।দিৱসৰ তাৎপৰ্যৰ ওপৰত বক্তব্য ৰাখে আমন্ত্ৰিত অতিথি তথা বিশিষ্ট সমাজকৰ্মী, চকু চিকিৎসক ডাঃ ৰিক্তম বৰগোহাঞিদেৱে।
সভাত “বন্দে মাতৰম” গীতৰ ৰচনা আৰু ইতিহাস সম্পৰ্কে বক্তব্য আগবঢ়ায় সমাজকৰ্মী যুগল কিশোৰ শৰ্মাই l ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ সম্পাদিকা মামণি শৰ্মা,নিকেতনৰ প্ৰতিষ্ঠাপক সম্পাদক দীপক কুমাৰ চাংমাই আৰু বৰ্তমানৰ সম্পাদক অজয় কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই নিমন্ত্ৰিত অতিথিৰ আসন অলংকৃত কৰে।
আজিৰ ‘নমামি ভাৰতম’ অনুষ্ঠানত সমাজৰ বিভিন্ন দিশত জড়িত কেইবাগৰাকীও গণ্য-মান্য ব্যক্তিৰ লগতে নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকল, আচাৰ্য-আচাৰ্যাবৃন্দ, কৰ্মচাৰীবৃন্দ আৰু অভিভাৱকসকলকে ধৰি প্ৰায় ৩০০ শতাধিক লোক উপস্থিত থাকে।
সভাত শেষত উপস্থিত সকলোকে শলাগৰ শৰাই আগবঢ়ায় নিকেতনৰ প্ৰধান আচাৰ্যা নিজৰা বৰঠাকুৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *