বিশ্ব পাঞ্জা প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ অসমৰ তিনিটা পদক
চাইন অন ডেস্ক,২৪ছেপ্তেম্বৰ:
জাপানৰ টুচিওৰা চহৰত ২২ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হৈ থকা সপ্তম আই, এফ, এ, বিশ্ব পাঞ্জা প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰা অসমে এতিয়ালৈকে তিনিটা পদক লাভ কৰিবলৈ সক্ষম হৈছে।১৫ বছৰ
অনুৰ্ধ ৫২ কে:জি শাখাত সুপ্ৰিয়া গগৈয়ে সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইফালে ১৮ বছৰ অনুৰ্ধ ৫২ কে:জি শাখাত শ্বেৰিছ চুলতানা হুছেইনে ৰূপৰ পদক আৰু ২১ বছৰ অনুৰ্ধ ৮৬ কে:জি শাখাত দিচিতা হাজৰিকায়ে ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।এইবাৰ এই প্রতিযোগিতাত বি, চি, এ, আইৰ ভাৰতীয় দলৰ হৈ কেপ্টেইনৰ দায়িত্ব প্ৰদান কৰা হৈছে ডিব্ৰুগড় লগতে দেশৰ আগশাৰীৰ পাঞ্জা খেলুৱৈ অনুপ ৰাজকোঁৱৰক।২৮ চেপ্তেম্বৰলৈ অনুষ্ঠিত হবলগীয়া অসমৰ ১৮ গৰাকী আৰু ভাৰতীয় পাঞ্জা দলৰ হৈ সৰ্বমুঠ ৩৩ গৰাকী প্ৰতিভাৱান পাঞ্জা খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে।