...

ঢকুৱাখনাত ‘গৌৰৱৰ দিন- ০৯’ উদযাপন

ঢকুৱাখনাত ‘গৌৰৱৰ দিন- ০৯’ উদযাপন

চাইন অন ডেস্ক,২১ ছেপ্টেম্বৰ :

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা তেতিয়াৰ কটন কলেজ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক, গৱেষক ছাত্ৰ সংস্থাৰ সভাপতি প্ৰয়াত গৌৰৱ গগৈৰ জন্মদিনৰে সংগতি ৰাখি ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱম সংখ্যক ‘গৌৰৱৰ দিন’ উদযাপন কৰা হয়। গৌৰৱ সন্মিলিত সমাজ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ যুটীয়া উদ্যোগত আয়োজিত ” গৌৰৱৰ দিন- ০৯” শীৰ্ষক অনুষ্ঠানত বক্তৃতা, কুইজ, সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। গৌৰৱ গগৈৰ আদৰ্শ আৰু কৰ্মৰাজিক জনমুখী কৰাৰ প্ৰয়াস স্বৰূপে উজনি অসমৰ বিভিন্ন স্থানত আয়োজন কৰি অহা “গৌৰৱৰ দিন” অনুষ্ঠানটো এইবর্ষত ঢকুৱাখনাত আয়োজন কৰাত স্থানীয় ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱকসকলে আয়োজকসকলৰ প্ৰতি কৃতজ্ঞতা জনাইছে। যোৱা ইংৰাজী ২০ ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হোৱা নৱম বৰ্ষৰ “গৌৰৱৰ দিন” পুৱা ১০ বজাৰ পৰা আৰম্ভ হয়। পুৱা ভাগত গৌৰৱ গগৈৰ প্ৰতি শ্ৰদ্ধা জনাই বন্তি প্ৰজ্বলন কৰে গৌৰৱ সন্মিলিত সমাজৰ সভাপতি ড° লক্ষজিৎ বুঢ়াগোহাঁই, ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ সাধাৰণ সম্পাদক ড৹ প্ৰাণজিৎ কলিতা, মাজুলী বিশ্ববিদ্যালয়ৰ সহকাৰী পঞ্জীয়ক ক্ষীৰসিন্ধু শইকীয়া, ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা শ্ৰীযুতা ইভৰাণী চমুৱা আৰু ডিব্ৰুগড় জিলাস্থিত নতুন বলাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক শ্ৰীযুত গকুল খাউণ্ডে। ইয়াৰ পিছতে বিদ্যালয়ৰ অধ্যক্ষা শ্ৰীযুতা চমুৱাই আদৰণী ভাষণ প্ৰদান কৰে। ড° লক্ষ্যজিৎ বুঢ়াগোহাঁয়ে গৌৰৱ গগৈৰ জীৱন দৰ্শন, সন্মিলিত সমাজৰ লক্ষ্য, উদ্দেশ্য সম্পৰ্কে বক্তব্য প্ৰদান কৰে। ইয়াৰ পিছতে শৈক্ষিক বক্তৃতা অনুষ্ঠিত হয়। “বানপানী, ভূমিকম্প আৰু অসম: দুৰ্যোগৰ পৰা প্ৰস্তুতিলৈ” শীৰ্ষক প্ৰথমটো বক্তৃতা প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° প্ৰাণজিৎ কলিতা আৰু ড° পূৰ্বজ্যোতি ফুকনে। বক্তৃতাটিত ড৹ প্ৰাণজিৎ কলিতাই বানপানীৰ সন্দৰ্ভত আৰু ড° পূৰ্বজ্যোতি ফুকনে ভূমিকম্পৰ সম্পৰ্কত বিশদ বৈজ্ঞানিক বৰ্ণনা আগবঢ়াই। “কৈশোৰ কালৰ যতন—
সফলতাৰ বাবে মানসিক স্বাস্থ্য” শীৰ্ষক দ্বিতীয়টো বক্তৃতা প্ৰদান কৰে তিতাবৰৰ নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° অম্লান পূজাৰীয়ে। তৃতীয় তথা অন্তিমটো বক্তৃতাৰ বিষয় আছিল- “সৃষ্টিশীলতাৰ আখৰা’’ আৰু সমল ব্যক্তি আছিল ডিব্ৰুগড় মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° চন্দনজ্যোতি চুতীয়া। বক্তৃতাসমূহৰ মাজে মাজে ড° কৃষ্ণাৰ্জ্জুন বৰা, মানসপ্ৰতিম দত্ত, বিমান দত্ত আৰু সুনীতি শইকীয়াই গীত পৰিবেশন কৰি ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনময় কৰে। ড° ভাস্কৰজ্যোতি বৰুৱা, পল্লৱী বৰা, ড° ৰিজুমণি কলিতা আৰু জ্যোতিৰ্ময়ী শইকীয়াৰ পৰিচালনাৰে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এখনি আকৰ্ষনীয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানতে দুগৰাকী কীৰ্তি শিক্ষক তথা প্ৰকৃতিপ্ৰেমী যুৱক শ্ৰীযুত মানসপ্ৰতিম দত্ত আৰু শ্ৰীযুত বিমান সন্দিকৈক তেখেতসকলৰ সামাজিক কৰ্মৰাজিৰ বাবে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। ডিব্ৰুগড়ৰ চাবুৱাস্থিত ডি. ডি. আৰ. মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° জয়দীপ বৰাই আঁত ধৰা অনুষ্ঠানটোৰ শেষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ কাৰ্যকৰী সমিতিৰ সদস্য ড° পঙ্কজ চাহুয়ে উপস্থিত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *