মায়াবিনী বাগিছাত জুবিন দিৱস
চাইন অন ডেস্ক, ২১ছেপ্তেম্বৰ:
সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড়ৰ জুবিন গাৰ্গ পথ(১)ৰ নিচেই কাষতে থকা মায়াবিনী বাগিছাত যোৱা ১৯ ছেপ্টেম্বৰ তাৰিখে দিনজোৰা কাৰ্য্যসূচীৰে ‘জুবিন দিৱস’ অনুষ্ঠিত হৈ যায়। পুৱা ৭-৩০ বজাত প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মূল বন্তি গছি প্ৰজ্বলন কৰে জীৱনৰ ৭৫ টা বসন্ত অতিক্ৰম কৰা প্ৰকৃতপ্ৰেমী কমলেশ্বৰ বৰগোহাঁইয়ে। বন্তি প্ৰজ্বলনৰ অন্তত প্ৰভাত ফেৰী অনুষ্ঠান শোভাৰম্ভ কৰে জুবিন অনুৰাগী মঞ্চ ডিব্ৰুগড়ৰ সভাপতি আহমেদ ছেলিম আৰিফে। প্ৰভাত ফেৰীত সমাজৰ সকলো শ্ৰেণীৰ ৰাইজৰ যোগদানে মঞ্চৰ সকলোকে আনন্দিত কৰে। প্ৰভাত ফেৰীৰ অন্তত নাহৰ বৃক্ষৰোপণ কৰা হয়, বৃক্ষৰোপণৰ কাৰ্যসূচীৰ আঁত ধৰে প্ৰকৃতিপ্ৰেমী কমলেশ্বৰ বৰগোহাঁইয়ে। বিয়লি ৪-০০ বজাত মায়াবিনী বাগিছাত সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। প্ৰাৰ্থনা সভাৰ অন্তত সন্ধিয়া বাগিছাৰ চৌপাশে ৰাজহুৱাভাৱে বন্তি প্ৰজ্বলন কৰা হয়। বন্তি প্ৰজ্বলনৰ আঁত ধৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা দুৱৰাচুক ৰূপনগৰ চেতিয়াচুক প্ৰগতি সংঘৰ সম্পাদক দিব্য
