দুৰ্গাপূজাত থাৰ্ম’কল, একক ব্যৱহাৰযোগ্য প্লাষ্টিক নিষিদ্ধ !
ডিব্ৰুগড় পৌৰ নিগমৰ নিৰ্দেশ
চাইন অন ডেস্ক,২১ছেপ্টেম্বৰ:
ডিব্ৰুগড়ত দুৰ্গাপূজাৰ প্ৰস্তুতি পূৰ্ণগতিত চলি থকাৰ সময়তে ডিব্ৰুগড় পৌৰ নিগমে (DMC) নিজৰ অধীনস্থ এলেকাত পূজাৰ মণ্ডপ নিৰ্মাণ, সজ্জা আৰু সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত থাৰ্ম’কল, একক ব্যৱহাৰযোগ্য প্লাষ্টিক আৰু পৰিৱেশৰ বাবে ক্ষতিকাৰক অন্যান্য প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে।
দুৰ্গাপূজা আৰম্ভ হোৱাৰ প্ৰায় চাৰি সপ্তাহ পূৰ্বে শুকুৰবাৰে DMCৰ আয়ুক্ত শিৱানী জেৰংগালে এই সন্দৰ্ভত ৰাজহুৱা জাননী জাৰি কৰে। উৎসৱৰ আনন্দ-উৎসাহৰ মাজত যাতে চহৰখনত প্লাষ্টিক আৱৰ্জনা আৰু পৰিৱেশ প্ৰদূষণ বৃদ্ধি নাপায়, সেই

উদ্দেশ্যে এই নিৰ্দেশ জাৰি কৰা হৈছে।

ইয়াৰ পৰিৱৰ্তে DMCয়ে পূজাৰ আয়োজকসকলক মণ্ডপ নিৰ্মাণ আৰু সজ্জাৰ ক্ষেত্ৰত পৰিৱেশ অনুকূল আৰু বহনক্ষম বিকল্প ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। এনে বিকল্পসমূহ প্ৰযোজ্য নিয়ম-কানুন আৰু বিধি অনুসৰি হ’ব লাগিব বুলিও পৌৰ নিগমে উল্লেখ কৰিছে।
“থাৰ্ম’কল, একক ব্যৱহাৰযোগ্য প্লাষ্টিক আৰু পৰিৱেশৰ বাবে ক্ষতিকাৰক অন্যান্য প্লাষ্টিক সামগ্ৰী বা উপাদানৰ ব্যৱহাৰ কঠোৰভাৱে নিষিদ্ধ,” জাননীখনত উল্লেখ কৰা হৈছে।
নিৰ্দেশটো কাৰ্যকৰী কৰাটো নিশ্চিত কৰাৰ দায়িত্ব পূজা সমিতি আৰু আয়োজক সমিতিসমূহৰ ওপৰত অৰ্পণ কৰা হৈছে। নিৰ্দেশ উলংঘা কৰিলে প্ৰযোজ্য নিয়ম আৰু বিধি অনুসৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও DMCয়ে সতৰ্ক কৰি দিছে।
জাননী অনুসৰি, এনে ব্যৱস্থাৰ ভিতৰত নিষিদ্ধ সামগ্ৰী আঁতৰোৱাৰ লগতে প্ৰযোজ্য ক্ষেত্ৰত জৰিমনা আৰোপ কৰাও থাকিব পাৰে।


DMCয়ে পূজাৰ আয়োজকসকলক সজ্জাত বহনক্ষম সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে পৰিষ্কাৰ আৰু পৰিৱেশ-অনুকূল উৎসৱমুখৰ পৰিৱেশ বজাই ৰখাত পৌৰ নিগমক সহযোগিতা কৰিবলৈ আহ্বান জনাইছে।
“সকলো সংশ্লিষ্ট পক্ষক পৰিষ্কাৰ, সুৰক্ষিত আৰু পৰিৱেশৰ প্ৰতি দায়বদ্ধ উৎসৱমুখৰ পৰিৱেশ নিশ্চিত কৰাৰ ক্ষেত্ৰত ডিব্ৰুগড় পৌৰ নিগমক সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনোৱা হৈছে,” জাননীখনত কোৱা হৈছে।