...

তিতাবৰৰ শুকানজানত শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচী

তিতাবৰৰ শুকানজানত শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচী

চাইন অন ডেস্ক, ২১ছেপ্তেম্বৰ:

তিতাবৰৰ শুকানজানত শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচী আয়োজন কৰা হয়।
পুৱাই ভাগৱতসহ সাংস্কৃতিক শোভাযাত্ৰাই মুগ্ধ কৰিলে অগনণ লোকক।

লহং বৰনামঘৰ আৰু দহঘৰীয়া খেলৰ উদ্যোগত অনুষ্ঠিত হৈছে এই মহোৎসৱ।

তিতাবৰৰ শুকানজানত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ।

শুকানজানৰ লহং বৰনামঘৰ আৰু দহঘৰীয়া খেলৰ উদ্যোগত অনুষ্ঠিত হৈছে এই মহোৎসৱ।

আজি পুৱাতে ৰূপায়ন কৰা হয় ভাগৱতসহ আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা। হৰিনামৰ ধ্বনিৰে চৌপাশ মুখৰ কৰি তোলা শোভাযাত্ৰাত বিভিন্ন কৃষ্টি-সংষ্কৃতি প্ৰদৰ্শিত হয়।

খেলৰ কেইবাশতাধিক লোকে অংশগ্ৰহণ কৰা শোভাযাত্ৰাই বৃহত্তৰ নগাবাট অঞ্চলৰ ৰাইজক মুগ্ধ কৰি তোলে।

Leave a Reply

Your email address will not be published. Required fields are marked *