ডিব্ৰুগড়ত জুবিন গাৰ্গক স্মৰণঃস্তব্ধ ডিব্ৰুগড়
জুবিনৰ মহাপ্ৰয়াণৰ এটা বৰ্ষ
স্বতঃস্ফুত বন্ধ ডিব্ৰুগড় মহানগৰ
বিশেষ বাৰ্তা,ডিব্ৰুগড়,১৯ছেপ্টেম্বৰ:
অসমীয়া সংগীত জগতৰ আকাশৰ ধ্ৰুৱতৰা, হাৰ্ট থ্ৰৱ তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ আজি এটা বৰ্ষ৷ এই দিনটোত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে ডিব্ৰুগড়ত এক ব্যতিক্ৰমী আৰু মৰ্মস্পৰ্শী পৰিৱেশৰ সৃষ্টি হয়। বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে সাধাৰণ জনতাই গীত-মাত, শ্ৰদ্ধাঞ্জলি আৰু বিভিন্ন মানৱীয় তথা সামাজিক কাৰ্যসূচীৰ জৰিয়তে জুবিন গাৰ্গৰ প্ৰথম পুণ্যতিথি পালন কৰে। জুবিন দিৱসত ডিব্ৰুগড়ত এক অভূতপূর্ব আৰু ব্যতিক্ৰমী স্বতঃস্ফুত পৰিৱেশ দেখা গ’ল। কোনো বিশেষ দল বা সংগঠনে আনুষ্ঠানিকভাৱে আহ্বান নজনোৱাকৈয়ে মহানগৰখনৰ ব্যৱসায়ীসকলে নিজাববীয়াকৈ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণৰূপে বন্ধ ৰাখে। ইয়াৰ লগতে ডিব্ৰুগড়ত যাত্ৰীবাহী যান-বাহন চলাচল স্তব্ধ হৈ পৰে, যি শিল্পীজনৰ প্ৰতি জনসাধাৰণৰ গভীৰ ভালপোৱাৰ এক অনন্য নিদৰ্শন দাঙি ধৰে।ডিব্ৰুগড়ৰ
ৰাইজে আজিৰ এই স্বতঃস্ফূৰ্ত বন্ধক ডিব্ৰুগড়ৰ ক্ষেত্ৰত অভূতপূৰ্ব বুলি অভিহিত কৰে। দিনটোত বিভিন্ন সংগঠন, ক্লাব আৰু গোটে কেইবাটাও শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। প্ৰাৰ্থনা সভা, সংগীতানুষ্ঠান, স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু ৰক্তদান কাৰ্যসূচীৰে দিনটোত প্ৰয়াত শিল্পীগৰাকীক স্মৰণ কৰা হয়।

চৌকিডিঙী খেলপথাৰত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰা ডিব্ৰুগড়ৰ বাসিন্দা ৰঞ্জনা বৰঠাকুৰে কয়, “জুবিন গাৰ্গ সকলোৰে আছিল। তেওঁৰ সংগীতে ভাষা, ধৰ্ম আৰু সম্প্ৰদায়ৰ সীমা অতিক্ৰম কৰিছিল। আজি ডিব্ৰুগড়ৰ ৰাইজ যি ধৰণে একত্ৰিত হৈছে, সেয়া তেওঁৰ সৈতে থকা মানুহৰ গভীৰ আৱেগিক সম্পৰ্কৰ প্ৰতিফলন।”
ডিব্ৰুগড় জুবিন গাৰ্গ ফেন ক্লাব আৰু ডিব্ৰুগড় মিউজিচিয়ানছ এছ’চিয়েশ্যনে যৌথভাৱে চৌকিডিঙী খেলপথাৰত ‘জুবিন দিৱস’ পালন কৰে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানত জুবিন গাৰ্গৰ জনপ্ৰিয় গীত, সুৰ আৰু স্মৃতিৰ জৰিয়তে শিল্পীগৰাকীক স্মৰণ কৰা হয়। সংগীতশিল্পী আৰু অনুৰাগীসকলে একত্ৰিত হৈ অসমীয়া সংগীত আৰু সংস্কৃতিলৈ তেওঁৰ অৱদানৰ কথা স্মৰণ কৰে।
ইফালে, সদৌ অসম ছাত্ৰ সন্থা (AASU)ৰ ডিব্ৰুগড় শাখা আৰু লায়ন কে কে ছাহাৰিয়া চকু চিকিৎসালয়ে চৌকিডিঙী খেলপথাৰত বিনামূলীয়া চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰে। আয়োজকসকলে এই কাৰ্যসূচীক শিল্পীগৰাকীৰ প্ৰতি সেৱামূলক শ্ৰদ্ধাঞ্জলি বুলি উল্লেখ কৰে।
আনহাতে, অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক সমিতিৰ আহ্বানৰ পিছত ডিব্ৰুগড়ৰ বিজেপি কাৰ্যালয়ত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, প্ৰাক্তন বিধায়ক তথা বিজেপি অসম প্ৰদেশ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক ঋতুপৰ্ণ বৰুৱাকে ধৰি বহু লোক উপস্থিত থাকে। শিবিৰটোত ১০০ ইউনিটতকৈ অধিক ৰক্ত সংগ্ৰহ কৰা হয়। জিলা প্ৰশাসন, অসম চিকিৎসা মহাবিদ্যালয় আৰু ডিব্ৰুগড়ৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ দলে কাৰ্যসূচীটোত সহায় আগবঢ়ায়।
ইফালে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব,ডিব্ৰুগড় সাহিত্য সভা আৰু ডিব্ৰুগড় যুৱ সমাজৰ উদ্যোগত আজি সন্ধিয়া ডিব্ৰুগড়ৰ থানা চাৰিআলিত জুবিন দিৱসৰ কাৰ্যসূচী অনুস্থিত কৰে।এই অনুষ্ঠানতে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ অন্যতম এগৰাকী শুভাকাংক্ষী তথা বিশিষ্ট সমাজকৰ্মী জ্যোতি প্ৰসাদ কানৈ ডাঙৰীয়াক ক্লাবৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জনোৱা হয়।আয়োজিত অনুষ্ঠানত কণ্ঠশিল্পী পম্পী পূৰবী,জুপিতৰা কাকতি আৰু শান্তু কাকতিৰ দ্বাৰা গীত পৰিৱেশন কৰা হয়।
ইফালে, ডিব্ৰুগড় কানৈ মহাবিদ্যালয়েও নিজৰ বিশেষ শৈলীৰে প্ৰাণৰ শিল্পীক সোঁৱৰে; মহাবিদ্যালয়খনে ইতিমধ্যে নামকৰণ কৰা ‘মায়াবিনী পথ’ত শিক্ষক-ছাত্ৰ-ছাত্ৰীসকলে জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ দিনটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। জুবিন গাৰ্গ কেৱল এজন শিল্পীয়েই নছিল, তেওঁ আছিল অসমীয়া সমাজৰ প্ৰতিটো স্পন্দনৰ অংশীদাৰ। ডিব্ৰুগড়ৰ এই স্বতঃস্ফুত জনজাগৰণ আৰু বিভিন্ন কাৰ্যসূচীয়ে প্ৰমাণ কৰিলে যে জুবিন গাৰ্গ মানুহৰ হৃদয়ত চিৰদিনৰ বাবে অমৰ হৈ ৰ’ব।