...

জুবিন হত্যাৰ এবছৰৰ মূৰকত !

জুবিন হত্যাৰ এবছৰৰ মূৰকত !

মুখ্যমন্ত্ৰীলৈ ডিব্ৰুগড় নাগৰিক সন্মিলনৰ প্ৰশ্নঃ- আপুনি কোৱা জুবিন গাৰ্গৰ হত্যাকাৰী কোন?

চাইন অন ডেস্ক,১৭ছেপ্তেম্বৰ:

বিদ্ৰোহী শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ এটা বছৰ পূৰ্ণ হ’ল। হত্যাকাণ্ডৰ বিচাৰ আদালতত চলি আছে।আৰু কিমানদিন চলে তাৰো কোনো নিশ্চয়তা নাই। আদালতে যিয়েই ৰায় নিদিয়ক কিয়, অথবা আদালতৰ ৰায়ত জনসাধাৰণ আশ্বস্ত হওক বা নহওক সি সুকীয়া কথা। কিন্তু অভিযুক্তৰ বাবে আইনী দুৱাৰ যিহেতু খোলা থাকিব, তেনেস্থলত পৰবৰ্তী পৰ্যায়ৰ বিচাৰৰ ৰায়ৰ বাবে আৰু কেইবাবছৰ যে লাগিব সি ধুৰূপ।ই এক গতানুগতিক আইনী প্ৰক্ৰিয়া আৰু তালৈ আমি অপেক্ষা কৰিবই লাগিব। কিন্তু এই মুহূৰ্তত বহুমূলীয়া এটা প্ৰশ্নই পুনৰ ভুমুকি মাৰিছে। সি হ’ল, মুখ্যমন্ত্ৰীয়ে কোৱা হত্যাকাৰীৰ কথা। হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়তে, জনসাধাৰণ আবেগিক, উত্তেজিত হৈ থকাৰ সময়তে অসমৰ মুখ্যমন্ত্ৰীয়ে স্পষ্ট ভাৱে এই কথা ৰাজহুৱা ভাৱে সদৰি কৰি কৈছিল যে, জুবিন গাৰ্গক এজনে মাৰিছে, তিনিজনে সহায় কৰি দিছে। চৰকাৰী-বেচৰকাৰী বিভিন্ন সূত্ৰৰ সৈতে মুখ্যমন্ত্ৰী হিচাবে স্বাভাৱিকতে সম্পৰ্ক থকা স্বয়ং মুখ্যমন্ত্ৰীয়ে নিজ মুখে এই কথা কৈছিল বাবেই ইয়াৰ সত্য সত্যতাৰ ওপৰত কোনো সন্দেহ নেথাকে। সেয়েহে আমি সঁচা বুলি ভাবিবলৈও বাধ্য। তেনেস্থলত আজি জুবিন হত্যাৰ এবছৰৰ মূৰত মুখ্যমন্ত্ৰীৰ উক্ত কৰাৰ আঁত ধৰি মাননীয় মুখ্যমন্ত্ৰীলৈকে প্ৰশ্ন উত্থাপন কৰিছোঁ যে, আপুনি কোৱা উক্ত হত্যাকাৰীজন আৰু সহায়ককাৰী তিনিজন কোন? ইমান দিনে কিয় তেওঁলোকৰ নাম সদৰি কৰা নাই? –অসমৰ মুখ্যমন্ত্ৰীলৈ এনে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ সভাপতি শৰৎ চন্দ্ৰ নেওগ আৰু সাধাৰণ সম্পাদক উত্তম কুমাৰ চেতিয়াই। সংবাদ মাধ্যমৰ জ্ঞাতাৰ্থে প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত নাগৰিক সন্মিলনৰ বিষয়ববীয়াদ্বয়ে উল্লেখ কৰে যে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অতি স্পষ্টকৈ হত্যাকাৰীক চিনাক্ত কৰাৰ পাছতো আমি লক্ষ্য কৰিছোঁ, মুখ্যমন্ত্ৰী গৰাকীয়ে এই গুৰুত্বপূৰ্ণ তথ্যটো আদালতত বা তদন্তকাৰী সংস্থাক কোৱা নাই আৰু সংশ্লিষ্ট সংস্থাইও মুখ্যমন্ত্ৰীক জবাবদিহি কৰা নাই। এনে এটা গুৰুত্বপূৰ্ণ তথ্য জনাৰ পিছতো মুখ্যমন্ত্ৰীয়ে আদালতলৈ গৈ এই কথা ব্যক্ত কৰিব লাগিছিল, যাৰ ফলত গোচৰ প্ৰক্ৰিয়া তৰান্বিত হোৱাৰ ওপৰিও প্ৰকৃত দোষীয়ে শাস্তি পোৱাত সহায়ক হ’ল হেতেন। কিন্তু তাকে নকৰি হত্যাকাৰীৰ কথা জানিও মনে মনে থাকি হত্যাকাৰীক পৰোক্ষ ৰক্ষণাবেক্ষণ দিছে বুলিহে মানুহে ভাবিবলৈ বাধ্য হ’ব। বিবৃতিটোত বিষয়ববীয়াদ্বয়ে উল্লেখ কৰে।
আমি আশা ৰাখিছোঁ, মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে চিনাক্ত কৰা বুলি ৰাজহুৱাকৈ তেখেতে নিজেই কোৱা হত্যাকাৰী আৰু সহযোগী তিনিজনৰ কথা আদালতত ব্যক্ত কৰি গোচৰটো তৰান্বিত হোৱাত সহায় কৰিব।– ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ সভাপতি আৰু সাধাৰণ সম্পাদকে বিবৃতিটোত উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *