...

ডিব্ৰুগড়ত বলৰাম জয়ন্তী উদযাপন

ডিব্ৰুগড়ত বলৰাম জয়ন্তী উদযাপন

ডিব্ৰুগড়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে কৃষক সমাৰোহ সম্পন্ন

চাইন অন ডেস্ক,১৭ছেপ্টেম্বৰঃ

ভাৰতীয় কিষাণ সংঘ, ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু সৰ্বমুখী সামাজিক বিকাশ আৰু প্ৰগতি নামৰ বেচৰকাৰী সংস্থাটোৰ সহযোগত ডিব্ৰুগড়ৰ সদৌ বৰপথাৰ জ্যোতি-বিষ্ণু-ভূপেন্দ্ৰ সাংস্কৃতিক প্ৰেক্ষাগৃহত যোৱা ১৬চেপ্তেম্বৰত উদ্‌যাপন কৰা হয় বলৰাম জয়ন্তী। এই উপলক্ষে আয়োজিত এক বিশেষ কৃষক সমাৰোহত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ডিব্ৰুগড় বিভাগ প্ৰচাৰক সুভাষ যোশীয়ে ভগৱান বলৰাম আৰু প্ৰাচীন ভাৰতীয় কৃষি পৰম্পৰাৰ বৈজ্ঞানিক মূল্যবোধৰ ওপৰত আলোকপাত কৰে। বক্তব্যত সুভাষ যোশীয়ে কয় যে ভাৰতীয় সংস্কৃতিত ভগৱান বলৰাম কেৱল এজন দেৱতাই নাছিল, বৰঞ্চ তেওঁ আছিল এই দেশৰ প্ৰথম কৃষক আৰু প্ৰধান কৃষি-অভিযন্তা। হাতত নাঙল লৈ তেওঁ ভূমিৰ উৰ্বৰা শক্তি বৃদ্ধি আৰু ব্যৱহাৰৰ নতুন দিশ উন্মোচন কৰিছিল। বৃন্দাবনৰ ভূমি সংৰক্ষণ আৰু কৃষি কাৰ্যৰ বাবে তেওঁ নিজস্ব কৌশলেৰে যমুনা নদীৰ ধাৰা বোৱাই আনি অঞ্চলটোক কৃষিৰ বাবে উপযোগী কৰি তুলিছিল। কেৱল শস্য উৎপাদনেই নহয়, বীজ ৰোপণৰ সঠিক সময় আৰু পশু আধাৰিত, বিশেষকৈ গো-আধাৰিত কৃষি পদ্ধতিৰে ৰাষ্ট্ৰীয় অৰ্থনীতি সবল কৰাৰ চিন্তা ভগৱান বলৰামেই প্ৰথম কৰিছিল। যোশীয়ে আৰু উল্লেখ কৰে যে বৈদিক কালৰে পৰা ভাৰতীয় কৃষি প্ৰণালী আছিল প্ৰাকৃতিক পূজা আৰু বিশ্ব-কল্যাণৰ আধাৰ। ভাৰতীয়সকলৰ বাবে এই মাটি মা-স্বৰূপ। ঋগবেদতেই বৰষুণ, ঋতু আৰু শস্য উৎপাদনৰ সকলো বৈজ্ঞানিক ব্যৱস্থা লিপিবদ্ধ হৈ আছিল। ভাৰতীয় কৃষকে শস্য চপোৱাৰ সময়ত পথাৰৰ জীৱ-জন্তুলৈও কিছু অংশ এৰি দিয়াটোৱে সমগ্ৰ ব্ৰহ্মাণ্ডৰ ভৰণ-পোষণৰ প্ৰতি থকা দায়িত্ববোধকে সূচায়। তেওঁ স্পষ্ট কৰি দিয়ে যে ভাৰতলৈ কৃষি বা বস্ত্ৰ প্ৰযুক্তি বাহিৰৰ পৰা অহা নাই, বৰঞ্চ প্ৰায় হাজাৰ বছৰ আগতেই আমাৰ দেশে গছৰ ছাল আৰু পাটৰ পৰা সূতা উলিয়াই কাপোৰ তৈয়াৰ কৰিছিল আৰু সম্ৰাট অশোকৰ সন্তান সংঘমিত্ৰা আৰু মহেন্দ্ৰই সমগ্ৰ বিশ্বতে জ্ঞান আৰু বস্ত্ৰ বিলাইছিল। বক্তাগৰাকীয়ে কৃষকৰ মহত্ব দাঙি ধৰি কয় যে অন্ন অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে। ঘৰত বন্ধ কৰি ৰখা ধনে মানুহক খাদ্য নিদিয়ে, কিন্তু মাটিৰ বুকুত সিঁচি দিয়া এমুঠি গুটিয়ে হাজাৰ হাজাৰ শস্য উপচাই দিয়ে। প্ৰকৃতি, গো-সেৱা আৰু প্ৰাকৃতিক কৃষিৰ জৰিয়তেহে ভাৰতক পুনৰ সমৃদ্ধিশালী কৰি তুলিব পৰা যাব বুলি মন্তব্য কৰি সুভাষ যোশীয়ে উপস্থিত কৃষকসকলক ভাৰতীয় কৃষি পৰম্পৰাৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়। ইফালে, ৰাতিপুৱা ভাৰতীয় কিষাণ সংঘৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি উপেন কলিতাই আনুষ্ঠানিকভাৱে পতাকা উত্তোলনেৰে দিনজোৰা কাৰ্যসূচীৰ শুভৰম্ভ কৰে। ইয়াৰ পাছতে সমাজকৰ্মী মানৱ গগৈয়ে শ্বহীদ কৃষকসকলৰ স্মৃতিত স্মৃতি তৰ্পণ কৰে। জিলা সমিতিৰ সম্পাদক বিপুল গগৈয়ে বৃক্ষৰোপণ কাৰ্যসূচী সম্পাদন কৰাৰ বিপৰীতে দেবব্ৰত বুঢ়াগোহাঁই আৰু বন্দিতা কোঁৱৰে কৃষকসকলৰ পঞ্জীয়নৰ দায়িত্ব সুচাৰুৰূপে পালন কৰে। বন্তি প্ৰজ্বলনেৰে মঞ্চ মুকলি কৰাৰ পাছতেই আমন্ত্ৰিত অতিথিসকলক সম্বৰ্ধনা জনোৱা হয়। সভাত উপস্থিত থাকি ভাৰতীয় কিষাণ সংঘৰ অসম, নাগালেণ্ড আৰু মণিপুৰ প্ৰান্তৰ সংগঠন মন্ত্ৰী কৃষ্ণকান্ত বৰাই সংগঠনটোৰ দীৰ্ঘদিনীয়া ইতিবৃত্ত আৰু কৃষক দিৱসৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি এক সাৱলীল বক্তব্য প্ৰদান কৰে। সমাৰোহত কৃষকসকলৰ কৃষি উপযোগী জ্ঞান বৃদ্ধিৰ বাবে আয়োজিত বিশেষ খণ্ডত ডিব্ৰুগড় জিলাৰ বিভিন্ন বিভাগীয় বিষয়াসকলে চৰকাৰী আঁচনি আৰু আধুনিক কৃষি প্ৰযুক্তিৰ বিষয়ে বিশদ তথ্য ডাঙি ধৰে। এই অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী তথা মুৰব্বী ড° দেৱজিৎ বৰঠাকুৰ, জিলা কৃষি বিষয়া অনুপ কুমাৰ পেগু, জলসিঞ্চন বিষয়া মুৰুলী বড়ি, ৰেচম বিভাগৰ সহকাৰী সঞ্চালক অমৰ চন্দ্ৰ দাস, জিলা মীন বিষয়া লক্ষীনাথ লাগাচু আৰু জিলা পশুপালন বিষয়া ডাঃ প্ৰণৱজ্যোতি বৰাই কৃষকসকলৰ উপযোগী নানা লাগতিয়াল পৰামৰ্শ আগবঢ়াই। বিয়লি অনুষ্ঠানৰ অন্যতম আকৰ্ষণ হিচাপে জিলাখনৰ দুজন দিব্যাংগ ব্যক্তিসহ মুঠ ৪৫ গৰাকী নিৰ্বাচিত, উদ্যমী কৃষক, পশুপালক, দুগ্ধ উৎপাদক, মীন পালক আৰু মুগা পালকক ‘মাটি আৰু মানুহ’ বঁটাৰে বিশেষভাৱে সন্মানিত কৰা হয়। আজিৰ এই অনুষ্ঠানটিৰ আঁত ধৰে ভাৰতীয় কিষাণ সংঘৰ ডিব্ৰুগড় জিলা সমিতিৰ উপ-সভাপতি দুৰ্লভ জ্যোতি গগৈ আৰু জলপ্ৰমুখ দেৱব্ৰত বৰগোঁহায়ে। কেৱল কৃষি বিষয়ক আলোচনা বা সন্মান প্ৰদানেই নহয়, অনুষ্ঠানৰ মাজতে বগীবিল নিৱাসী নৱম শ্ৰেণীৰ শিক্ষাৰ্থী সিদ্ধাৰ্থ ৰায়ে পৰিৱেশন কৰা এটি মনপৰশা সৃষ্টিশীল নৃত্যৰ লগতে মানৱ গগৈ আৰু সংগীবৃন্দৰ গীত পৰিৱেশনে সমগ্ৰ প্ৰেক্ষাগৃহৰ পৰিৱেশ জীপাল কৰি তোলে। এই সমাৰোহত জিলাখনৰ আটাইকেইটা খণ্ডৰ পৰা অহা শতাধিক কৃষক ৰাইজে অংশগ্ৰহণ কৰে। অন্নদাতাসকলৰ এনে সক্ৰিয় উপস্থিতিয়ে অনুষ্ঠানটোক এক অনন্য ৰূপ দিয়ে। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সহযোগী সংস্থা ‘সৰ্বমুখী সামাজিক বিকাশ আৰু প্ৰগতি’ৰ সভাপতি সত্যবতী হাজৰিকা, সম্পাদিকা ববিতা সোনোৱালৰ লগতে ভাৰতীয় কিষাণ সংঘৰ ডিব্ৰুগড় জিলা সমিতিৰ উপদেষ্টা আৰু সকলো বিষয়ববীয়াৰ উপৰি বৰবৰুৱা খণ্ডৰ সভাপতি ভূপেন ডেকাবৰুৱাৰ উপৰিও জিলাৰ আটাইকেইটা খণ্ডৰ বিষয়ববীয়াসকল উপস্থিত থাকে। বিভাগীয় সংগঠন মন্ত্ৰী বিকাশ কলিতাই সমবেত ৰাইজ আৰু কৃষকসকলক শলাগৰ শৰাই আগবঢ়োৱাৰ পাছতে সভাৰ সামৰণি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *