...

কংগ্রেছৰ শাসন ? কর্ণাটক আৰক্ষীৰ ‘হুমকি’ !

কংগ্রেছৰ শাসন ? কর্ণাটক আৰক্ষীৰ ‘হুমকি’ !

মছজিদৰ কাষেৰে যাব নোৱাৰিব গণেশ পূজাৰ শোভাযাত্রা

বেংগালুৰু,১৪ছেপ্টেম্বৰঃ

গণেশ পূজাৰ শোভাযাত্ৰাত ফক্কা ফুটাব নোৱাৰিব। মছজিদ এলেকাত কৰিব নোৱাৰিব গণেশ পূজাৰ শোভাযাত্রা। কর্ণাটকত আৰক্ষীৰ এই নির্দেশক লৈ আৰম্ভ হৈছে বিতর্ক। কৰ্ণাটক চৰকাৰক হিন্দুবিৰোধী আখ্যা দি উত্তেজিত হৈ উঠিছে কৰ্ণাটকৰ বিজেপি নেতাসকল। বিধায়ক-সাংসদে একে সুৰে তুলাধুনা দিছে কংগ্ৰেছ চৰকাৰক। সংশ্লিষ্ট আৰক্ষীক নিলম্বন কৰিবলৈ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ ওচৰত দাবী জনাইছে গেৰুৱা দলটোৱে। বিতৰ্কৰ সূত্রপাত এটা ভাইৰেল ভিডিঅ’ৰ পৰা। মাইছুৰু এলেকাত এগৰাকী আৰক্ষীয়ে কয়- ‘মছজিদৰ কাষেৰে গণেশ পূজাৰ শোভাযাত্রা লৈ যাব নোৱাৰিব। উৎসৱৰ সময়ত এনে আচৰণ কৰা উচিত যাতে অন্য ধৰ্মাৱলম্বীসকলেও সন্মান কৰিব পাৰে। কিন্তু তোমালোকেটো মছজিদৰ সন্মুখেৰে গৈ ফট্‌ঙ্কা ফুটুৱা, এইবাৰ যদি এইবোৰ দেখোঁ, তেনেহ’লে তোমালোকৰ ব্যৱস্থা লোৱা হ’ব।’ অৱশ্যে আৰক্ষীৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে এই সন্দৰ্ভত কোনো নিৰ্দেশ দিয়া হোৱা নাই। কিন্তু বিষয়টোক লৈ চলিছে তীব্র বিতর্ক। বিজেপি সাংসদ যদুবীৰ ৱাডিয়াই কয়-‘আমিতো এনে ঘটনা পূৰ্বতেও দেখিছোঁ। তেতিয়া শিল দলিওৱা হৈছিল। কিন্তু এইখন চৰকাৰৰ কাৰ্যকলাপ চাই বুজা যায় যে তেওঁলোকে হিন্দুসকলক আৰু হিন্দু ধৰ্মৰ আচাৰ-অনুষ্ঠানক অসন্মান কৰে। সকলো পথেই সাধাৰণ নাগৰিকৰ। সকলোৰে উৎসৱ উদ্যাপনৰ অধিকাৰ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *