...

জ্যেষ্ঠ সাংবাদিক, সাহিত্য সমালোচক যাদৱ গগৈৰ পিতৃৰ বিয়োগ

জ্যেষ্ঠ সাংবাদিক, সাহিত্য সমালোচক যাদৱ গগৈৰ পিতৃৰ বিয়োগ

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব,ডিব্ৰুগড় সাহিত্য সভাৰ শোক প্ৰকাশ

চাইন অন ডেস্ক,১২ ছেপ্টেম্বৰ:

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উপ-সভাপতি, তথা ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাৰ উপ-সভাপতি দৈনিক জনমভূমি কাকত আৰু অনাতাঁৰ কেন্দ্ৰৰ
জ্যেষ্ঠ সাংবাদিক, সাহিত্য সমালোচক যাদৱ গগৈৰ পিতৃ প্ৰবীণ গগৈৰ শুক্ৰবাৰে পৰলোকপ্ৰাপ্তি ঘটে।কালি পুৱা ৫.৫০ বজাত বাৰ্ধক্যজনিত কাৰণত লাহোৱালৰ মেলেঙীয়াল গাঁৱৰ নিজা বাসগৃহত তেওঁৰ মৃত্যু হয়৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯০ বছৰ৷ কিছুদিন ধৰি তেখেত শাৰীৰিকভাৱে অসুস্থ হৈ আছিল৷ মায়ামৰা মটক সমাজৰ এগৰাকী জ্যেষ্ঠ ভকতৰ লগতে সমাজৰ বিভিন্ন কাম-কাজত তেওঁ জড়িত হৈ আছিল মায়ামৰা সামাজিক কৰ্মৰ সৈতে জড়িত এই বয়োবৃদ্ধ ব্যক্তি গৰাকীক মায়ামৰা সমাজৰ ৰীতিনীতি, গায়ন-বায়নেৰে শেষকৃত সম্পন্ন কৰা হয়৷ তেখেতৰ মৃত্যুত শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰৰ সত্ৰাধিকাৰ স্ৰীশ্ৰী বৈঞ্চৱানন্দ গোস্বামী, শ্ৰীশ্ৰী মায়ামৰা দিনজয় সত্ৰৰ সত্ৰাধিকাৰ, মেলেঙীয়াল গাঁৱৰ নামঘৰ ভকতবৃন্দ তথা পৰিচালনা সমিতি, লাহোৱাল আঞ্চলিক ছাত্ৰ সন্হা, লাহোৱাল প্ৰেছ ক্লাব, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব, ডিব্ৰুগড় জিলা বাৰ্তাজীৱী সংঘ, ডিব্ৰুগড় সাহিত্য সভা,অনিৰূদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয় পৰিচালনা সমিতিকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰা লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷মৃত্যুৰ সময়ত তেওঁ সাংবাদিক পুত্ৰ যাদৱ গগৈ, শিক্ষয়ত্ৰী বোৱাৰী-কন্যা সহ আত্মীয় স্বজনক ইহসংসাৰত এৰি গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *