...

আসাম কোম্পানীৰ মাইজান চাহ বাগিচাৰ ১০০ বিঘা ভূমি বেদখলকাৰীৰ কবলত

আসাম কোম্পানীৰ মাইজান চাহ বাগিচাৰ ১০০ বিঘা ভূমি বেদখলকাৰীৰ কবলত

শীঘ্ৰে উচ্ছেদৰ দাবী আটছাৰ
বেদখলকাৰীৰ বিৰুদ্ধে শীঘ্ৰে বুলড্ৰেজাৰ নচলালে ডিব্ৰুগড় অচল কৰাৰ হুংকাৰ!

চাইন অন ডেস্ক,১১ছেপ্টেম্বৰ:

ডিব্ৰুগড় চহৰৰ সীমান্তৱৰ্তী তথা ডিব্ৰুগড় পূৱ ৰাজহ চক্ৰৰ অধীনৰ ঐতিহ্যমণ্ডিত মাইজান চাহ বাগিচা(মাইজান গ্ৰাণ্ট গাওঁ,বৰশইকীয়া গাওঁ আৰু হিলৈধাৰী চান্দৈ পথাৰ ৰাজহ গাওঁ)ৰ অন্তৰ্গত পাথৰতলি অঞ্চলৰ লগতে কেইবাটাও অঞ্চলত চলি থকা বৃহৎ ভূমি কেলেংকাৰী আৰু বহিৰাগত ভূমি মাফিয়াৰ অবৈধ বেদখলৰ কাৰ্যকলাপৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই। সংগঠনটোৱে ডিব্ৰুগড় জিলা প্ৰশাসনক অতি শীঘ্ৰে এই ভূমিত জৰুৰী উচ্ছেদ অভিযান চলাবলৈ এক চৰম সময়সীমা বান্ধি দিছে।এক প্ৰেছ বিবৃতিৰ জৰিয়তে ‘আটছা’ৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক লখিন্দৰ কুৰ্মি আৰু ডিব্ৰুগড় শাখাৰ সভাপতি সূৰজ নাইকে ক্ষোভ প্ৰকাশ কৰি কয় যে, ব্ৰিটিছ যুগৰে পৰা অৰ্থাৎ চাহ বাগিচাখনৰ আৰম্ভণিৰে পৰা যি ভূমি চাহ শ্ৰমিকসকলৰ বাসস্থান আৰু পৰম্পৰাগত অধিকাৰৰ অধীনত আছিল, সেই প্ৰায় ১০০ বিঘা (আনুমানিক ৬২ একৰ) বহুমূলীয়া চাহ ভূমি এতিয়া অতি পৰিকল্পিতভাৱে একাংশ বহিৰাগত ভূমি মাফিয়াই ভুৱা নথি-পত্ৰ তৈয়াৰ কৰি দখল কৰিছে। এই সংৰক্ষিত ভূমিত কোনো ধৰণৰ বৈধ অনুমতি নোহোৱাকৈয়ে বৃহৎ আৱাসিক আৰু বাণিজ্যিক অট্টালিকা নিৰ্মাণ কৰা হৈছে।’আটছা’ই জিলা প্ৰশাসন আৰু আসাম কোম্পানী ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষৰ ভূমিকাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। সংগঠনটোৰ নেতৃত্বই অভিযোগ কৰা মতে, বাগিচা কৰ্তৃপক্ষৰ মৌনতাই এতিয়া স্পষ্ট কৰি দিছে যে বাগিচা ব্যৱস্থাপনা সমিতিৰ একাংশ অসাধু বিষয়া আৰু এই অবৈধ ভূমি দখলকাৰীসকলৰ সংপৃক্ততা আছে। অন্যথা, বাগিচা কৰ্তৃপক্ষৰ আপত্তিবিহীন প্ৰমাণপত্ৰ নোহোৱাকৈয়ে কেনেকৈ এই অবৈধ দখলকাৰীসকলে বিদ্যুৎ সংযোগ লাভ কৰিবলৈ সক্ষম হ’ল, সেয়া এক ডাঙৰ ৰহস্য। ইয়াৰ উপৰিও প্ৰায় ২০০ একৰ জুৰি বিস্তৃত থকা ঐতিহ্যমণ্ডিত মাইজান বিলৰ প্ৰাকৃতিক পৰিৱেশ আৰু জৈৱ-বৈচিত্ৰ্যকো এই ভূ-মাফিয়া চক্ৰটোৱে ধ্বংস কৰাৰ চেষ্টা চলাইছে।সংগঠনটোৱে জিলা প্ৰশাসনৰ ওচৰত তলত দিয়া দাবীসমূহ অতি জৰুৰীভাৱে উত্থাপন কৰিছে।যুদ্ধকালীন তৎপৰতাৰে উচ্ছেদ কৰি ডিব্ৰুগড় জিলা প্ৰশাসনে অতি শীঘ্ৰে পাথৰটলি আৰু ঠাকুৰবাৰী অঞ্চলত অবৈধ নিৰ্মাণসমূহ বুলড্ৰেজাৰেৰে ধূলিস্যাৎ কৰিব লাগিব।লগতে কোনো ধৰণৰ বৈধ পট্টা নোহোৱাকৈ বেদখলকাৰীসকলে লাভ কৰা বিদ্যুৎ সংযোগ অতি শীঘ্ৰে কাটিব লাগিব।আনহাতে ভুৱা নথি-পত্ৰ প্ৰস্তুত কৰা মাটিৰ দালাল আৰু ইয়াৰ আঁৰত থকা অসাধু চৰকাৰী বিষয়াৰ বিৰুদ্ধে তদন্ত কৰি আইনগত ব্যৱস্থা ল’ব লাগিব।’আটছা’ই স্পষ্ট আৰু কঠোৰ ভাষাৰে সকীয়াই দি কয় যে— “আইনে সদায় সজাগসকলকহে সহায় কৰে, অধিকাৰৰ ওপৰত শুই থকাসকলক নহয়।” চাহ শ্ৰমিকৰ তেজ-ঘামেৰে সজা এই ভূখণ্ডৰ এডখৰ মাটি কাঢ়ি ল’বলৈ দিয়া নহ’ব। যদিহে অহা এক মাহৰ ভিতৰত জিলা প্ৰশাসনে এই সংৰক্ষিত ভূমিত উচ্ছেদ অভিযান আৰম্ভ নকৰে, তেন্তে ‘আটছা’ই চাহ শ্ৰমিক আৰু থলুৱা ৰাইজক লগত লৈ ডিব্ৰুগডৰ ৰাজপথ অৱৰোধসহ তীব্ৰ গণ-আন্দোলন গঢ়ি তুলিব। ইয়াৰ বাবে উদ্ভৱ হ’বলগীয়া যিকোনো পৰিস্থিতিৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসন আৰু বাগিচা কৰ্তৃপক্ষ সম্পূৰ্ণ জগৰীয়া হ’ব বুলিও আটছা নেতা দুগৰাকীয়ে বিবৃতিটোত উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *