ডিব্ৰুগড়ত জনস্বাস্থ্যৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিছে একাংশ ৰেষ্টুৰেণ্ট
“লেটচ গ’ৰ” মিঠাই খাই এগৰাকী মহিলা চিকিৎসাধীন !
চাইন অন ডেস্ক,১০ছেপ্তেম্বৰঃ

মহিলা গৰাকীৰ বমি আৰু তীব্ৰ পেটৰ বিষ আৰম্ভ হোৱাৰ অভিযোগ আহিছে।বৰ্তমান ডিব্ৰুগড়ৰ শংকৰদেৱ হাস্পতালত উক্ত মহিলা গৰাকী চিকিৎসাধীন বুলিও জানিব পৰা গৈছে।ঘটনাৰ পিছত হোটেলখনত গৈ পৰিয়াল আৰু স্থানীয় লোকে অভিযোগ জনোৱাৰ পিছতো হোটেল কৰ্তৃপক্ষই অকনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে।আনহাতেদি অত্যধিক দাম লোৱা আৰু গ্ৰাহকৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে।শেহতীয়াকৈ উক্ত পৰিয়ালেে ডিব্ৰুগড়ৰ স্বাস্থ্য বিভাগৰ খাদ্য সুৰক্ষা বিভাগত এক লিখিত অভিযোগ দিয়া বুলি প্ৰকাশ।ঘটনাক কেন্দ্ৰ কৰি এতিয়া প্ৰশ্ন উথাপন হৈছে যে খাদ্য সুৰক্ষা বিভাগে
মিঠাইৰ নমুনা পৰীক্ষা কৰি তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰিব নে ? নে, পূৰ্বৰ দৰেই সকলো ভেকুভাওনাত পৰিণত হব ? প্ৰনিধানযোগ্য যে ডিব্ৰুগড়ৰ উক্ত স্থানৰ ‘চৌপাতি’ নামৰ এক ফুড হাবত , মুকলিৰ কিছু দিনৰ পিছতে গ্ৰাহকৰ আইচক্ৰীমত পইটাচোৰা ওলাইছিল।কিন্তু পৰৱৰ্তী সময়ত তাৰ বিহিত আইনী ব্যৱস্থা বা অনুশাসনমূলক ব্যৱস্থা লোৱা ৰাইজৰ দৃষ্টিগোচৰ নহল।সেয়ে ৰাইজে ইয়াৰ এক সমুচিত বিচাৰ বিছাৰি জনস্বাস্থ্য প্ৰতি ভাবুকি হব পৰা সকলো দিশৰ ওপৰত গুৰুত্ব দিয়াৰ আহবান জনাইছে।আনহাতে খাদ্যৰ মানদণ্ডক লৈ উত্থাপিত অভিযোগে এতিয়া ডিব্ৰুগড়ত সৃষ্টি কৰিছে চাঞ্চল্য।