বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্মজয়ন্তী উদযাপন
কালজয়ী সৃষ্টি সংৰক্ষণ আৰু নতুন প্ৰজন্মৰ মাজত চৰ্চাৰ আহ্বান
চাইন অন ডেস্ক,৮ছেপ্টেম্বৰঃ
ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্মজয়ন্তী উপলক্ষে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ চৌহদত আয়োজিত অনুষ্ঠানত সংবাদকৰ্মীসকলে বন্তি প্ৰজ্বলন আৰু পুষ্পাৰ্পণেৰে সুধাকণ্ঠগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰে।
ক্লাবৰ যুটীয়া সম্পাদক মুক্টামণি হাজৰিকাই আঁত ধৰা অনুষ্ঠানত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰাই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টি আৰু আদৰ্শ নতুন 
সভাপতি বৰাই কয় যে ভূপেন হাজৰিকা কোনো ৰজাঘৰৰ শিল্পী নাছিল, তেওঁ আছিল ৰাইজৰ শিল্পী, প্ৰজাঘৰৰ শিল্পী। তেওঁৰ গীত আৰু সৃষ্টিত প্ৰতিফলিত মানৱতাবাদী, জাতীয়তাবাদী তথা সামাজিক চেতনাক নতুন প্ৰজন্মৰ সৈতে পৰিচয় কৰাই দিয়াটো সকলোৰে দায়িত্ব বুলি তেওঁ
তেওঁ কয় যে সুধাকণ্ঠৰ গীতৰ যিদৰে ৰাজ্যজুৰি নতুন প্ৰজন্মৰ মাজত চৰ্চা হ’ব লাগিছিল, সেই ধৰণৰ ব্যাপক সামাজিক উদ্যোগ এতিয়াও অধিক প্ৰয়োজন। কেৱল জন্মজয়ন্তী বা মৃত্যুদিৱসত স্মৰণ কৰাত সীমাবদ্ধ নাথাকি তেওঁৰ সৃষ্টি আৰু চিন্তাধাৰাক নিয়মীয়াকৈ চৰ্চা কৰাৰ আহ্বান জনায় তেওঁ।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট লেখক কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়াই সুধাকণ্ঠৰ গীত, সাহিত্য আৰু সমাজ-মানৱতাৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ কথা স্মৰণ কৰি তেওঁৰ অমূল্য সৃষ্টিৰাজি সংৰক্ষণৰ ক্ষেত্ৰত সকলোকে আগভাগ ল’বলৈ আহ্বান জনায়।
