...

ঘিলামৰাৰ নৰ্থ বেংক কলেজৰ ৬৬ সংখ্যক নৱাগত আদৰণি সভা

ঘিলামৰাৰ নৰ্থ বেংক কলেজৰ ৬৬ সংখ্যক নৱাগত আদৰণি সভা

ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ গীত,নৃত্যত উখল-মাখল পৰিৱেশ

বাৰ্ষিক মুখপত্ৰ এনবিয়ান উন্মোচন

ঢকুৱাখনা,৭ছেপ্টেম্বৰ:

“দৰিদ্ৰতা কেতিয়াও মানুহৰ সফলতা, শিক্ষা বা সপোনৰ হেঙাৰ হৈ থিয় দিব নোৱাৰে, বৰং কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে ইয়াক ভেদি আগবাঢ়ি যাব পাৰি।অত্যাধিক দৰিদ্ৰতা আৰু হাজাৰটা প্ৰত্যাহ্বানকো আওকাণ কৰি বহু মেধাৱী ছাত্ৰ-ছাত্ৰী তথা ব্যক্তিয়ে বিভিন্ন ক্ষেত্ৰত নিজৰ প্ৰতিভাৰ স্বাক্ষৰ ৰাখিছে।” উত্তৰ অসমৰ অন্যতম পুৰণি উচ্চ শিক্ষানুষ্ঠান ঘিলামৰাস্থিত নৰ্থ বেংক কলেজৰ ৬৬ সংখ্যক নৱাগত আদৰণি সভাত উপস্থিত থাকি এনেদৰে কয় ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মানসজ্যোতি নেওগে।নৰ্থ বেংক মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ছাত্ৰ লেখিকা ড° গীতাঞ্জলি বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাৰ উদ্ধোধন কৰি দিয়া ভাষণত অধ্যক্ষ ড° নেওগে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি কয় যে বৰ্তমান সময়ত কোনো লোকে এনেয়ে সময় নষ্ট নকৰে ৷ পঢ়াৰ লগতে সময় উলিয়াই অন্য কাম কৰাৰ কাৰণে চেষ্টা থাকিব লাগে ৷ তেতিয়াহে জীৱনত আগুৱাই যোৱাৰ বাট মুকলি হয় বুলিও কয় নেওগে।মহাবিদ্যালয়ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এটি সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা নৱাগত আদৰণি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তথা বিশিষ্ট শিক্ষাবিদ,প্ৰবীণ সাংবাদিক ইন্দিবৰ বুঢ়াগোহাঁইয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি কয় যে বৰ্তমান সময়ত শিক্ষাৰ্থী সকল প্ৰতিযোগিতাৰ দৃষ্টিভংগীৰে নিজক প্ৰতিষ্ঠা কৰাৰ কৰ্মত ব্ৰতী হব লাগিব। ইয়াৰ বাবে শিক্ষাৰ্থী সকলক প্ৰয়োজন হব সঠিক পথৰ সন্ধান। এই পথৰ সন্ধান দিব পাৰে শিক্ষক- অভিভাৱকে। শিক্ষাৰ্থী সকলক নিজকে উপযুক্ত নাগৰিক হিচাবে গঢ়ি তুলি নিজৰ লগতে সমাজৰ বিকাশৰ বাবে কাম কৰিবলৈ আহ্বান জনায় শিক্ষাবিদ
বুঢ়াগোহাঁইয়ে।ছাত্ৰ একতা সভাৰ সম্পাদক পৰশমণি পাত্ৰই উদ্দেশ্য ব্যাখা কৰা আৰু অধ্যাপিকা ড° শিখাৰাণী হাজৰিকাই আঁতধৰা
গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোতে অধ্যাপিকা মম্পী শইকীয়াৰ তত্বাৱধানত আৰু ছাত্ৰ ময়ূৰ দলেৰ সম্পাদনাত প্ৰকাশিত নর্থবেংক কলেজৰ বাৰ্ষিক
মুখপত্ৰ “এনবিয়ান” উন্মোচন কৰে হাৰ্হি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মানসজ্যোতি নেওগে।
ন-পুৰণি ছাত্ৰ-ছাত্ৰীসকলৰ গীত,নৃত্যই উখল মাখল পৰিবেশৰ সৃষ্টি কৰা অনুষ্ঠানত লখিমপুৰ জিলা পৰিষদৰ সদস্য চন্দেশ্বৰ গগৈয়ে ভাষণ প্ৰদান কৰি শিক্ষাৰ্থী সকলক বৰ্তমান সময়ৰ লগত আগবাঢ়ি যাব পৰাকৈ অধ্যয়নত সঠিক ভাবে গুৰুত্ব দিবলৈ আহ্বান জনায়।মুকলি সভাত মহাবিদ্যালয়ৰ শৈক্ষিক সমন্বয়ক কল্পনা কলিতা,জ্যেষ্ঠ অধ্যাপক,ভৱেশ মৰাং,ভবেশ চহৰীয়া দাসকে ধৰি সকলো শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।ইয়াৰ আগতে পুৱা ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন কৰে উপ সভাপতি অনুপ কুমাৰ খনিকৰে।দুপৰীয়া অধ্যাপক স্বপ্নালী বৰগোহাঁই,গায়ত্ৰী দলে, ড° ৰুণজুন বৰা,মম্পী শইকীয়া আৰু অধ্যাপক মিণ্টু কলিতাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা ন পুৰণি ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ আলাপ অনুষ্ঠানত নৱাগতসকলক পৰম্পৰাগত ৰীতি-নীতিৰে আদৰণি জনোৱাৰ লগতে ন-পুৰণি ছাত্ৰ-ছাত্ৰীসকলে গীত, নৃত্য, আবৃত্তি,অভিনয় আদিৰে তেওঁলোকৰ নিজ নিজ প্ৰতিভাসমূহ প্ৰদৰ্শন কৰে।বিয়লিলৈ আয়োজিত সাংস্কৃতিক অনুস্থানত ছাত্র -ছাত্রীৰ লগতে কণ্ঠশিল্পী নিতুল দাধৰাই গীত পৰিৱেশন কৰি ছাত্ৰ-ছাত্ৰী,শিক্ষক-কৰ্মচাৰী তথা দৰ্শকক আপ্লুত কৰি তোলে।

Leave a Reply

Your email address will not be published. Required fields are marked *