শোণিতপুৰত ড্ৰাই (DRI)ৰ বৃহৎ সফলতা
উদ্ধাৰ ১২টাকৈ দুষ্প্ৰাপ্য কেঁকো সাপ, আটক ২ চোৰাং সৰবৰাহকাৰী
বালিপৰা,৬ছেপ্তেম্বৰ:
শোণিতপুৰ জিলাৰ জীয়াভৰলী দলঙৰ সমীপত কেন্দ্ৰীয় চৰকাৰৰ ৰাজহ চোৰাংচোৱা নিৰ্দেশালয় (DRI) ৰ এক বিশেষ অভিযানকাৰী দলে চলোৱা অভিযানত ১২টাকৈ দুষ্প্ৰাপ্য প্ৰজাতিৰ কেঁকো সাপ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।এই বিশেষ অভিযানত DRI-ৰ দলটোৱে কেঁকো সাপকেইটাৰ চোৰাং সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত দুজন লোকক হাতে-লোটে আটক কৰে। আটকাধীন লোক দুজন ক্ৰমে—ৰঙাপৰাৰ সন্তোষ বাছফোৰ আৰু ডলংবস্তিৰ ৰঞ্জিত সাহানী।বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে DRI-ৰ এইয়া এক ডাঙৰ সফলতা বুলি বিবেচিত হৈছে। ঘটনা সন্দৰ্ভত বৰ্তমানো তদন্ত অব্যাহত আছে।