...

কানৈ মহাবিদ্যালয়ত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

কানৈ মহাবিদ্যালয়ত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

স্পৃহা হাতীবৰুৱা, দেৱদৰ্শিনী দত্ত,অয়না সুমন কলিতা, প্ৰবাহিনী গগৈক আনুষ্ঠানিকভাৱে সম্বৰ্দ্ধনা

চাইন অন ডেস্ক,৬ছেপ্তম্বৰ:

অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সৌজন্যত সুধাকণ্ঠ তথা ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বৰ্ষজোৰা শ্ৰদ্ধাঞ্জলিৰ সামৰণি অনুষ্ঠানটি ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি তথা মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াই বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট সমাজকৰ্মী মানৱদৰদী ব্যক্তি শ্ৰীযুত জ্যোতিপ্রসাদ কানৈয়ে সুধাকণ্ঠলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই বক্তব্য প্ৰদান কৰে। সভাত উপস্থিত থকা অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ কেন্দ্রীয় সমিতিৰ উপ-সভাপতি বিশিষ্ট আবৃত্তিকাৰ শ্ৰীযুতা ৰিজুমণি শইকীয়া তামুলীয়ে আবৃত্তি পৰিষদৰ বিস্তৃত কাৰ্যসূচীৰ বৰ্ণনা কৰাৰ লগতে সুধাকণ্ঠকলৈ স্ব-ৰচিত কবিতা ‘সপ্তস্বৰৰ এটি স্বৰ’ শীৰ্ষক কবিতা আবৃত্তিৰ জৰিয়তে উপস্থিত শ্ৰোতা দৰ্শকক মুগ্ধ কৰে। ডিব্ৰুগড় জিলা সমিতিৰ উপ-সভাপতি ক্ৰমে মৃণালী ভূঞা বৰদলৈয়ে সুধাকণ্ঠকলৈ শ্ৰদ্ধাঞ্জলি জনাই বক্তব্য ৰাখে। আন এগৰাকী জিলাৰ উপ-সভাপতি বিশিষ্ট আবৃত্তিকাৰ তথা অনাতাঁৰ ঘোষক হাচান ইকবাল আহমদে সুধাকণ্ঠকলৈ শ্ৰদ্ধাঞ্জলি জনাই ব্যক্তিগত সান্নিধ্য সোঁৱৰণ কৰি পৰিৱেশটো আৱেগিক কৰি তোলাৰ লগতে সুধাকণ্ঠকলৈ ৰচিত কবিতাৰ আবৃত্তি পৰিৱেশন কৰে। ডিব্ৰুগড় জিলা সমিতিৰ প্ৰাক্তন সম্পাদক তথা আবৃত্তিকাৰ-নাট্যকৰ্মী মৃদুল শৰ্মাই আবৃত্তিৰ ব্যায়কৰণিক দিশ সম্পর্কে গুৰুত্ব দিয়াৰ কথা ভাষণত উল্লেখ কৰে। এই অনুষ্ঠানতে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা ৰাজ্যিক ভিত্তিত একক কবিতা আবৃত্তি প্ৰতিযোগিতা আবৃত্তি মহাৰণত অংশগ্রহণ কৰি পুৰস্কৃত হোৱা ডিব্ৰুগড় জিলাৰ চাৰিগৰাকী প্ৰতিযোগী ক্ৰমে চাবুৱাৰ স্পৃহা হাতীবৰুৱা, দুলীয়াজানৰ দেৱদৰ্শিনী দত্ত, অয়না সুমন কলিতা আৰু প্ৰবাহিনী গগৈক এখনিকৈ গামোচা আৰু সম্বৰ্দ্ধনা পত্ৰৰে আনুষ্ঠানিকভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। আৰু তেওঁলোকে প্ৰতিযোগিতাত অংশগ্রহণ কৰা কবিতাৰ আবৃত্তি পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। প্ৰায় দেৰ শতাধিক লোক সমবেত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত কানৈ মহাবিদ্যালয়ৰ ছাত্রী ক্ৰমে ৰাজমী মৰাণে ড০ ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰে। ছাত্রী সুৰময়ী চেতিয়াই গীত, বিপ্লৱ বুঢ়াগোহাঁয়ে কবিতা পাঠ আৰু শিৱৰাম বসুমতাৰীৰ বাঁহী পৰিৱেশনে অনুষ্ঠানটোক জীপাল কৰি তোলে। সভাপতিৰ বক্তব্যত ড০ শশীকান্ত শইকীয়াই কানৈ মহাবিদ্যালয়ত আবৃত্তি পৰিষদৰ শাখা গঠন কৰাৰ লগতে সোনকালেই এটি কৰ্মশালা অনুষ্ঠিত কৰাৰ পৰিকল্পনা অৱগত কৰে। ইতিবাচক চিন্তাৰে ভাষা সাহিত্য সংস্কৃতি চৰ্চা কৰি থাকিলেহে জাতি সুৰক্ষিত হৈ থাকিব বুলি ড০ শশীকান্ত শইকীয়াই ভাষণত উল্লেখ কৰে। সমগ্র অনুষ্ঠানটোৰ আঁত ধৰে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ডিব্ৰুগড় জিলাৰ সম্পাদক তথা কবি বৈদ্য ব্ৰাইট বুঢ়াগোহাঁয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *