...

অৰুণাচল প্ৰদেশৰ মিয়াওত সংহতি পদযাত্ৰা

জম্মু-কাশ্মীৰত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা সকলক সন্মান

চাইন অন ডেক্সঃ

জাতীয় সংহতিৰ এক শক্তিশালী প্ৰদৰ্শন

অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ মিয়াওৰ ৬০০ৰো অধিক বাসিন্দাই বৃহস্পতিবাৰে অসম ৰাইফলছৰ সৈতে শেহতীয়াকৈ জম্মু-কাশ্মীৰত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা লোকসকলক সন্মান জনাই এক সংহতি পদযাত্ৰা কৰে।

এই পদযাত্ৰাত ছাত্ৰ-ছাত্ৰী, চৰকাৰী বিষয়া, জনপ্ৰতিনিধি, নাগৰিক সমাজৰ সদস্যসকলে শান্তি আৰু ঐক্যৰ পোষকতা কৰা বাৰ্তা থকা বেনাৰ আৰু প্লেকাৰ্ড লৈ আছাম ৰাইফলছৰ জোৱানৰ সতে পদযাত্ৰা কৰে।

২২ এপ্ৰিলৰ আক্ৰমণত হেৰুৱা ২৬ জন নিৰীহ লোকক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *