...

কানৈ মহাবিদ্যালয়ত ‘প্রিঞ্চিপালছ লাষ্ট ক্লাছ ৪.০’ শীর্ষক বক্তৃতা সম্পন্ন

কানৈ মহাবিদ্যালয়ত ‘প্রিঞ্চিপালছ লাষ্ট ক্লাছ ৪.০’ শীর্ষক বক্তৃতা সম্পন্ন
জ্ঞানী লোকৰ সান্নিধ্যই জীৱনক সঠিক দিশ দেখুৱায় : ড° কিৰণ হাজৰিকা

চাইন অন ডেস্ক,৩ চেপ্তেম্বৰ:

‘জ্ঞানী মানুহৰ সান্নিধ্যই জীৱনৰ সফলতাত অৰিহণা যোগায়। জীৱনৰ পথ সদায় মসৃণ নহয়, বিভিন্ন সময়ত সন্মুখীন হোৱা অভিজ্ঞতা, প্ৰত্যাহ্বান আৰু সিদ্ধান্তই মানুহক গঢ়ি তোলে। এনে সময়ত জ্ঞানী, অভিজ্ঞ আৰু মূল্যবোধসম্পন্ন ব্যক্তিৰ সান্নিধ্যই মানুহক সঠিক সিদ্ধান্ত লোৱাত সহায় কৰাৰ লগতে জীৱনৰ লক্ষ্য নিৰ্ধাৰণতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ডি এইচ এছ কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ মনোবিজ্ঞান বিভাগৰ অধ্যাপিকা উপাসনা দত্ত আৰু সমাজতত্ত্ব বিভাগৰ অধ্যাপিকা সুজাতা সোনোৱালৰ উদ্যোগত অনুষ্ঠিত হোৱা ‘প্রিঞ্চিপালছ লাষ্ট ক্লাছ-৪.০’ উদ্বোধন কৰি পাঞ্জাৱ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সম-উপাচার্য তথা বিশিষ্ট শিক্ষাবিদ ড° কিৰণ হাজৰিকাই আজি এইদৰে কয়। দুখনকৈ বিশ্ববিদ্যালয়ৰ সম-উপাচাৰ্য হিচাপে দায়িত্ব পালন কৰা অসম গৌৰৱ ড° হাজৰিকাই কয়—সমগ্ৰ ভাৰতবৰ্ষৰ বহু মহাবিদ্যালয়, বিশ্ববিদ্যালয় দেখাৰ মোৰ সৌভাগ্য হৈছে, কিন্তু প্ৰযুক্তিৰ ইমান উচ্চ শিখৰত আৰোহণ কৰা উচ্চ শিক্ষানুষ্ঠান তেওঁ ক’তো দেখা নাই। মুখ্য দ্বাৰৰ পৰা শ্ৰেণীকোঠালৈ, ছাত্ৰ একতা সভাৰ নিৰ্বাচন, পৰিস্কাৰ-পৰিচ্ছন্নতাৰ পৰা কাগজবিহীন প্রশাসনলৈ, শ্ৰেণীকোঠাৰ ছাত্ৰ-ছাত্ৰীৰ অনলাইন উপস্থিতিৰ পৰা শিক্ষক-কর্মচাৰীৰ পৰিচালনা আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী পৰিচালনা কৰা ‘কর্মবন্ধু’ এপলৈকে মহাবিদ্যালয়খনে প্ৰযুক্তিৰ দিশত বহুদূৰ আগুৱাই গ’ল । ইয়াৰ নেতৃত্বত থকা অধ্যক্ষ ড° শশীকান্ত শ‍ইকীয়াক ভূয়সী প্রশংসা কৰি সকলো উচ্চ শিক্ষানুষ্ঠানে এনে পদক্ষেপ গ্ৰহণ কৰা উচিত বুলি তেওঁ কয়। তেওঁ লগতে কয় যে কেৱল কিতাপৰ জ্ঞান আহৰণ কৰিলেই এজন মানুহ সম্পূৰ্ণ জ্ঞানী হৈ নুঠে বুলি উল্লেখ কৰি কয়— জীৱনক গভীৰভাৱে বুজিবলৈ হ’লে অভিজ্ঞ আৰু জ্ঞানী ব্যক্তিৰ পৰা শিকিব লাগিব, তেওঁলোকৰ চিন্তা-চেতনা আৰু জীৱনবোধৰ সৈতে পৰিচিত হ’ব লাগিব। তেওঁ কয়— শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সান্নিধ্যই ছাত্র- ছাত্ৰীৰ মনত কেৱল শৈক্ষিক জ্ঞানেই নহয়, নৈতিকতা, দায়িত্ববোধ, আত্মবিশ্বাস আৰু জীৱনক ইতিবাচক দৃষ্টিৰে চোৱাৰ মানসিকতাও গঢ়ি তোলে। ড° হাজৰিকাই কয় – – এগৰাকী ভাল শিক্ষক বহু সময়ত এখন কিতাপতকৈও অধিক শক্তিশালী শিক্ষাৰ উৎস হৈ পৰে, কিয়নো শিক্ষকৰ জীৱন-অভিজ্ঞতা আৰু মূল্যবোধে শিক্ষাৰ্থীৰ জীৱনলৈ সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব পাৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ডিব্ৰুগড় পৌৰনিগমৰ কাৰ্যবাহী বিষয়া মৃত্যুঞ্জয় ভৰালীয়ে ছাত্র-ছাত্রীসকলক উদ্দেশ্যি কয়— এটা চৰকাৰী চাকৰি লাভ কৰাটোৱেই জীৱনৰ প্ৰকৃত সফলতা নহয়, নিজৰ দায়িত্ব আৰু কৰ্তব্য সুচাৰুৰূপে পালন কৰিলেহে প্রকৃত সফলতা লাভ কৰা হয় । তেওঁ কয় যে বৰ্তমান সময়ত বহু যুৱক-যুৱতীৰ বাবে এটা ভাল চাকৰি লাভ কৰাই জীৱনৰ একমাত্ৰ লক্ষ্য হৈ পৰিছে। কিন্তু চাকৰি লাভ কৰাটো সফলতাৰ এটা পৰ্যায়হে, প্রকৃত সফলতা নিৰ্ভৰ কৰে সেই দায়িত্ব কিমান সততা, নিষ্ঠা আৰু দায়বদ্ধতাৰে পালন কৰা হৈছে তাৰ ওপৰত । তেওঁ কয় এজন ব্যক্তিৰ মূল্যায়ন কেৱল তেওঁৰ পদবী বা কৰ্মক্ষেত্ৰৰ ওপৰত নহয়, বৰং তেওঁ সমাজ আৰু দেশৰ প্ৰতি কিমান দায়িত্বশীল, কৰ্তব্যনিষ্ঠ আৰু মানৱীয় সেই কথাৰ ওপৰতহে নিৰ্ভৰ কৰে। তেওঁ কয় চৰকাৰী চাকৰি হওক বা বেচৰকাৰী কর্মসংস্থান, , যিকোনো ক্ষেত্ৰতে সততা, সময়ানুৱৰ্তিতা, নিষ্ঠা আৰু জনসেৱাৰ মনোভাৱ থাকিলেহে এজন ব্যক্তি প্রকৃত অৰ্থত সফল হ’ব পাৰে। তেওঁ ছাত্ৰ- ছাত্ৰীসকলক নিজৰ পেছাগত লক্ষ্যৰ লগতে এগৰাকী দায়িত্বশীল আৰু সংবেদনশীল নাগৰিক হিচাপে নিজকে গঢ়ি তুলিবলৈ আহ্বান জনায় । অধ্যাপিকা উপাসনা দত্তই আঁত ধৰা অনুষ্ঠানটিত ‘প্রিঞ্চিপালছ লাষ্ট ক্লাছ-৪.০’ বক্তৃতামালাত জীৱন, সময় আৰু কৰ্মৰ সুৱাস কলেজৰ চৌহদৰ পৰা হৃদয়ৰ ঠিকনালৈ শীৰ্ষক বিষয়ত অধ্যক্ষ ড° শশীকান্ত শইকীয়াই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয়— মানুহে কোনো এটা প্ৰতিষ্ঠান এৰি যাব পাৰে, কিন্তু তেওঁ যদি কাৰোবাৰ হৃদয়ত স্থান লাভ কৰে, তেন্তে তেওঁ কেতিয়াও আঁতৰি যাব নোৱাৰে। অধ্যক্ষগৰাকীয়ে কয়— এটা বীজ মাটিৰ তলত পুতি থ’লে তাক চাই কোনোবাই ক’ব পাৰে এইটো এটা সৰু বীজ, কিন্তু সৰু বীজৰ ভিতৰত এজোপা ডাঙৰ গছ লুকাই থাকে। অধ্যক্ষ ড° শইকীয়াই কয়— শ্ৰেণীকোঠাৰ পৰা খেলপথাৰলৈ, পুথিভঁৰালৰ নিস্তব্ধতাৰ পৰা কেণ্টিনৰ সজীৱ হাঁহিলৈ, সকলোতে ছাত্র-ছত্রীসকলক দেখা পাও। যেতিয়াই মহাবিদ্যালয়ৰ বাৰাণ্ডাৰে খোজ কাঢ়ি যাওঁ, ছাত্ৰ-ছাত্ৰীসকলৰ দুচকুৰ জিলিকনিবোৰে সোঁৱৰাই দিয়ে যে জীৱনৰ প্ৰতিটো পল কেৱল ছাত্ৰ-ছাত্ৰীসকলৰ উত্তৰণৰ বাবেই উচৰ্গা হ’ব লাগিব। তেওঁ কয়— প্রতিদিনে চেষ্টা কৰা হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা আধুনিক, বিজ্ঞানমনস্ক আৰু মানৱীয় পৰিৱেশ সৃষ্টি কৰিবলৈ, যাতে এই চৌহদৰ পৰা ওলাই গৈ ছাত্ৰ- ছাত্ৰীসকলে পৃথিৱী জয় কৰিব পাৰে। তেওঁ কয়— জীৱনৰ নিজা কোনো অৰ্থ নাই। জীৱনক যি অৰ্থ দিব বিচৰা যায় তাকে দিব পাৰে । গতিকে জীৱনৰ অৰ্থ কি বুলি চিন্তা কৰাত সময় নষ্ট নকৰি এই জীৱনটো ব্যৱহাৰ কৰি এক অৰ্থপূৰ্ণ কাম কৰা উচিত। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত মহাবিদ্যালয়ৰ ভালেসংখ্যক অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী আৰু ডেৰ শতাধিক ছাত্র-ছাত্রী উপস্থিত থাকে। শেষত শলাগ জ্ঞাপন কৰে অধ্যাপিকা সুজাতা সোনোৱালে।

Leave a Reply

Your email address will not be published. Required fields are marked *