...

বিচিপিএলৰ পুঁজিৰে চাবুৱাৰ গ্ৰাম্য স্বাস্থ্য প্ৰশিক্ষণ কেন্দ্ৰত নতুন লেবৰেটৰী মুকলি

বিচিপিএলৰ পুঁজিৰে চাবুৱাৰ গ্ৰাম্য স্বাস্থ্য প্ৰশিক্ষণ কেন্দ্ৰত নতুন লেবৰেটৰী মুকলি

চাইন অন ডেস্ক,৩ছেপ্টেম্বৰঃ

অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেল চমুকৈ ‘এ এম চি এইছ’ৰ সমাজ চিকিৎসা বিজ্ঞান বিভাগৰ অধীনস্থ গ্ৰাম্য স্বাস্থ্য প্ৰশিক্ষণ কেন্দ্ৰ চমুকৈ ‘আৰ এইছ টি চি’, চাবুৱাই বিচিপিএলৰ কৰ্প’ৰেট ছ’চিয়েল ৰেছপন্‌চিবিলিটি [চি এছ আৰ] ৰ অধীনত এটি অত্যাধুনিক পৰীক্ষাগাৰ লাভ কৰিছে৷ এই অত্যাধুনিক পৰীক্ষাগাৰটো আজি ‘এ এম চি এইছ’ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি আৰু বিচিপিএলৰ মানৱ সম্পদ বিভাগৰ মহাপ্ৰৱন্ধক ৰোহিনীকান্ত শৰ্মাই ফিটা কাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ অনুষ্ঠানটোত বিচিপিএলৰ অন্যান্য বিষয়ববীয়াৰ লগতে ‘এ এম চি এইছ’ৰ কমিউনিটি মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপিকা ডাঃ গৌৰাংগী গগৈ আৰু ‘আৰ এইছ টি চি’, চাবুৱাৰ তত্ত্বাৱধায়ক তথা ‘এ এম চি এইছ’ৰ সহকাৰী অধ্যাপক ডাঃ মানসজ্যোতি কটকীসহ অন্যান্য অধ্যাপক-অধ্যাপিকা তথা কৰ্মচাৰীসকল উপস্থিত থাকে৷ প্ৰণিধানযোগ্য যে ডিব্ৰুগড়ৰ চাবুৱাস্থিত গ্ৰাম্য স্বাস্থ্য প্ৰশিক্ষণ কেন্দ্ৰটো ১৯৫৭ চনতে অসম চৰকাৰৰ নিৰ্দেশনা তথা সহযোগত অসম মেডিকেল কলেজৰ অধীনত এটি স্বাস্থ্য আৰু প্ৰশিক্ষণ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল৷ প্ৰতিষ্ঠাৰ পিছৰে পৰা এই ঐতিহাসিক প্ৰতিষ্ঠানটোৱে স্বাস্থ্য বিভাগৰ বিভিন্ন প্ৰশিক্ষণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে অঞ্চলটোৰ জনসাধাৰণক গুৰুত্বপূৰ্ণ জনস্বাস্থ্য সেৱা আগবঢ়াই আহিছে৷ ইয়াৰ ভিতৰত বহিঃবিভাগীয় সেৱা [অ’পিডি], টিকাকৰণ, ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ আদি সেৱাৰ লগতে বিভিন্ন গৱেষণা আৰু শৈক্ষিক কাৰ্যকলাপো অন্তৰ্ভুক্ত হৈ আছে৷ এই উন্নতমানৰ ৰোগ নিৰ্ণয় তথা পৰীক্ষা-নিৰীক্ষাৰ সুবিধা সংযোজনৰ ফলত প্ৰতিষ্ঠানটোৰ স্বাস্থ্য সেৱা অধিক শক্তিশালী হোৱাৰ লগতে গৱেষণা আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰতো নতুন সম্ভাৱনাৰ সৃষ্টি হৈছে৷ আজিৰ এই অত্যাধুনিক পৰীক্ষাগাৰৰ সংযোজনে ‘আৰ এইছ টি চি’, চাবুৱাৰ জনস্বাস্থ্য সেৱা, গৱেষণা আৰু শৈক্ষিক ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *