...

ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ নেতৃত্বত

ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ নেতৃত্বত

পুষ্টিহীনতাৰ বিৰুদ্ধে যুঁজত মৰাণ তিলৈৰ পুষ্টি পুনৰ্বাসন কেন্দ্ৰ

চাইন অন ডেস্ক,৩ছেপ্টেম্বৰ:

এটি শিশুয়ে নৱজীৱন পোৱা ৰ অৰ্থ হ’ল এটি পৰিয়াল- এখন ঘৰে নৱজীৱন লাভ কৰা । এই গূঢ়াৰ্থ উপলব্ধিৰে ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ তত্বাৱধানত মৰাণ তিলৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত অৱস্থিত পুষ্টি পুনৰ্বাসন কেন্দ্ৰ (NRC) ই অতি গুৰুতৰ পুষ্টিহীনতাত ভোগা (SAM) শিশুসকলৰ বাবে নৱ জীৱনৰ বতৰা কঢ়িয়াই আনি
অতি গুৰুতৰ পুষ্টিহীনতাৰ (SAM) বিৰুদ্ধে যুঁজত এক নিৰ্ভৰযোগ্য তথা আৰ্হি কেন্দ্ৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে।

জিলা স্বাস্থ্য বিভাগৰ নিৰন্তৰ প্ৰচেষ্টা আৰু সু-পৰিচালনাৰ ফলত এই কেন্দ্ৰটোৰ শয্যাৰ সংখ্যা ৮ ৰ পৰা ১০ লৈ বৃদ্ধি কৰা হৈছে। যোৱা ২ ছেপ্টেম্বৰ, ২০২৬ তাৰিখে অসম চৰকাৰৰ স্বাস্থ্য ও পৰিয়াল কল্যাণ বিভাগৰ সচিব আৰু ডিব্ৰুগড় জিলাৰ অভিভাৱক বিষয়া শ্ৰীযুতা পুবালী গোহাঁয়ে আনুষ্ঠানিকভাৱে অতিৰিক্ত ২ খন বিচনা উদ্বোধন কৰে। ইয়াৰ দ্বাৰা গুৰুতৰ পুষ্টিহীনতাত ভোগা অধিক সংখ্যক শিশুৱে একেলগে সেৱা লাভৰ পথ প্ৰশস্ত হৈছে।উল্লেখযোগ্য যে, এই কেন্দ্ৰত ৫ বছৰৰ তলৰ অতি গুৰুতৰ পুষ্টিহীনতাত (SAM) ভোগা শিশুসকলক মাতৃ/অভিভাৱকৰ সৈতে ভৰ্তি কৰাই চিকিৎসা, স্থিতিশীলতা আৰু পুনৰ্বাসনৰ সেৱা প্ৰদান কৰা হয়।
ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ সু-পৰিকল্পিত পৰিচালনা আৰু নিৰীক্ষণ ব্যৱস্থাৰ ফলত মৰাণ তিলৈৰ পুষ্টি পুনৰ্বাসন কেন্দ্ৰৰ পাৰদৰ্শিতা উল্লেখযোগ্য হৈ পৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, ২০২৪-২৫ বৰ্ষত ১১৮ জন, ২০২৫-২৬ বৰ্ষত ১১২ জন আৰু চলিত ২০২৬-২৭ বৰ্ষৰ আগষ্টলৈকে ৬২ জন গুৰুতৰ পুষ্টিহীনতাত ভোগা শিশুক ভৰ্তি কৰোৱা হৈছে এই পুষ্টি পুনৰ্বাসন কেন্দ্ৰত । কেন্দ্ৰটোৰ কৰ্মীৰ সঘন Follow Up বা অনুসৰণৰ ফলত ইয়াৰে ১০৯, ১০৬ আৰু ৬১ জন শিশুক উল্লেখিত প্ৰতিটি বৰ্ষত আৰোগ্য কৰা হৈছে। শয্যা ব্যৱহাৰৰ হাৰ (BOR) ৭০% আৰু ফল’-আপৰ সংখ্যা বিগত দুটা বৰ্ষত ৭৮ ৰ পৰা ১০১ জনলৈ বৃদ্ধি হৈছে যি বিভাগীয় তত্বাৱধানৰ সফলতাক প্ৰতিফলিত কৰে।জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত NRC কেন্দ্ৰত কেৱল চিকিৎসাই নহয়, পৰিয়ালকেন্দ্ৰিক পৰামৰ্শ সেৱাও প্ৰদান কৰা হয়। মাতৃসকলক শিশুক একান্ত স্তনপান, পৰিপূৰক আহাৰ, ঘৰুৱা পুষ্টিকৰ আহাৰ প্ৰস্তুতকৰণ, খাদ্যৰ ফৰ্টিফিকেচন, পৰিষ্কাৰ-পৰিচ্ছন্নতা আদিৰ বিষয়ে ও প্ৰশিক্ষণ দিয়া হয়, যাতে NRC ৰ পৰা ঘৰলৈ উভতি আহি শিশুটি পুনৰ পুষ্টিহীনতাৰ কবলত নপৰে।আটাইতকৈ মানৱীয় পদক্ষেপ হিচাপে,শিশুটিৰ সৈতে মাতৃ/অভিভাৱক সকলে ১৪ দিন বা তাতকৈ অধিক দিন NRC ত থাকিবলগীয়া হোৱাৰ বাবে তেওঁলোকৰ যাতে কোনো অৰ্থনৈতিক ক্ষতি তথা জীৱিকাৰ সংকট নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগৰ তৰফৰ পৰা প্ৰতিদিনে ২০০ টকাকৈ মজুৰি ক্ষতিপূৰণ (Wage Compensation) প্ৰত্যক্ষ হিতাধিকাৰী হস্তান্তৰ (DBT) ৰ জৰিয়তে প্ৰদান কৰা হয়। যোৱা ২০২৫-২৬ বিত্তীয় বৰ্ষত ২,৬৪,৪০০ টকা আৰু চলিত বিত্তীয় বৰ্ষৰ আগষ্ট মাহলৈ ১,৪৪,৬০০ টকা স্বাস্থ্য বিভাগৰ দ্বাৰা ভৰ্তি হৈ থকা শিশুৰ আত্মীয়ক প্ৰদান কৰা হৈছে।উল্লেখযোগ্য যে, জিলা স্বাস্থ্য বিভাগৰ নেতৃত্বাধীন মৰাণ তিলৈ NRC ৰ সেৱা আজি কেৱল ডিব্ৰুগড়ৰ শিশু সকলতে সীমাবদ্ধ নাথাকি চৰাইদেউ, শিৱসাগৰ, ডিমৌ আদি চুবুৰীয়া জিলা আৰু অঞ্চলৰ বাবেও ভৰসাৰ কেন্দ্ৰ হৈ পৰিছে।
এইদৰে, ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ প্ৰচেষ্টা আৰু অভিভাৱকত্বমূলক নেতৃত্ব তথা মৰাণ তিলৈ NRC ৰ চিকিৎসক, পুষ্টিবিদ, নাৰ্ছ আৰু আন কৰ্মীসকলৰ নি:স্বাৰ্থ যতন আৰু সেৱাৰ সমন্বয়ে ডিব্ৰুগড় আৰু ইয়াৰ দাঁতিকাষৰীয়া বৃহত্তৰ অঞ্চলসমূহৰ গুৰুতৰ পুষ্টিহীনতাত ভোগা বহু শিশুক নৱ জীৱন প্ৰদান কৰি মৰাণ তিলৈ পুষ্টি পুনৰ্বাসন কেন্দ্ৰক কেৱল এখন চিকিৎসা কেন্দ্ৰ নহয়, এক নতুন জীৱনৰ আধাৰশিলা হিচাপে পৰিগণিত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *