ডিব্ৰুগড়ত আদিবাসী যুৱ-ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, পিএফ,বোনাচ আদি দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ
চাইন অন ডেস্ক,২ছেপ্তেম্বৰঃ
চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে আদিবাসী যুৱ-ছাত্ৰ সংস্থাই৷ আইছাৰ কেন্দ্ৰীয় সভাপতি নৃপেন মুণ্ডা আৰু সাধাৰণ সম্পাদক ৰাজেশ কেৰ্কেটাৰ নেতৃত্বত ৰূপায়ন কৰা কাৰ্যসূচীত প্ৰায় দুই ঘণ্টা ধৰি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ ৰাজ্য চৰকাৰে চাহ শ্ৰমিকৰ মজুৰী বৃদ্ধি নকৰাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কঠোৰ ভাষাৰে সমালোচনা কৰে৷ অন্যহাতে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন দাবীসম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ স্মাৰক পত্ৰখনত উল্লেখ কৰামতে, বৰ্তমান অসম চৰকাৰৰ কোম্পানী চাহ বাগিচাসমূহত চাহ শ্ৰমিকসকলক দৈনিক ২৮০ টকা মজুৰি দিয়াৰ বিপৰীতে ক্ষুদ্ৰ চাহ বাগিচাসমূহত নিয়োজিত হৈ থকা লাখ লাখ শ্ৰমিকক দৈনিক মাত্ৰ ২০০-২৩০ টকা বা তাতকৈও কম মজুৰি প্ৰদান কৰি বৰ্তমানেও এক শোচনীয় পৰিস্থিতিৰ মাজত শোষণ চলাই থকা হৈছে৷ য’ত ‘Minimum Wage Act, 1948’ তথা বৰ্তমানৰ ‘Code on Wages, 2019’ ৰ
পোনপটীয়া উলংঘন কৰা হৈছে। সেয়েহে ক্ষুদ্ৰ চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰি তৎকালীনভাৱে বৃদ্ধি কৰি ৪৬১ টকা কৰাৰ বাবে আৰু কোম্পানী চাহ বাগিচাৰ শ্ৰমিকসকলৰ সমান কৰাৰ বাবে জোৰদাৰ দাবী উত্থাপন কৰিছে৷ ইয়াৰোপৰি ‘Minimum Wage Act, 1948’ আৰু ‘Code on Wages, 2019’ ৰ নিয়মসমূহ অতি কঠোৰভাৱে ৰূপায়ন কৰি শ্ৰমিকৰ ওপৰত চলি থকা সকলো প্ৰকাৰৰ শোষণ চিৰদিনৰ বাবে বন্ধ কৰা, ৰাজ্যজুৰি থকা ক্ষুদ্ৰ চাহ বাগিচাসমূহত বিশেষ শ্ৰম পৰিদৰ্শন অভিযান ত্বৰান্বিত কৰি শ্ৰম আইন উলংঘনকাৰী মালিকসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম আইনী ব্যৱস্থা ল’বলৈকো দাবী জনাইছে৷ তদুপৰি অসম চাহ শ্ৰমিক ভবিষ্য নিধি সংস্থা তথা ‘ATEPFO Act, 1955’ৰ নিয়ম অনুসৰি ১০ জন বা তাতোধিক শ্ৰমিক নিয়োজিত হৈ থকা সকলো ক্ষুদ্ৰ চাহ
বাগিচাতে পিএফ পঞ্জীয়ন আৰু নিয়মীয়া জমা প্ৰদান কৰাটো বাধ্যতামূলক কৰিবলৈ স্মাৰক পত্ৰখনত দাবী জনাইছে৷ শ্ৰমিকসকলক দৈনিক কামলৈ অনা-নিয়াৰ ক্ষেত্ৰত মালবাহী গাড়ী, ট্ৰেক্টৰ বা কেৱল পাত কঢ়িয়াই নিয়া অনুপযুক্ত বাহনত শ্ৰমিক কঢ়িওৱা কাৰ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি যাত্ৰীবাহী অনুমতি বা অনুজ্ঞাপত্ৰ থকা নিৰাপদ বাহনতহে যাত্ৰী পৰিবহণৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ দাবী জনাইছে৷ যিহেতু ‘Motor Vehicles Act, 1988’ উলংঘা কৰি চলোৱা এনে বাহনৰ যাত্ৰাই শ্ৰমিকসকলৰ জীৱন প্ৰতিমুহূৰ্ততে ভয়ানক বিপদৰ মুখলৈ ঠেলি দিছে। ইয়াৰ
উপৰি ‘Payment of Bonus Act, 1965’ ৰ নিয়ম উলংঘা কৰি একাংশ লোলুপ ক্ষুদ্ৰ চাহ বাগিচাৰ মালিকে বোনাচ দিয়াৰ নামত পোনপটীয়াকৈ শ্ৰমিকৰ দৈনিক মজুৰিৰ পৰা অবৈধভাৱে টকা কৰ্তন কৰাৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি, আইন অনুসৰি নিয়মীয়াভাৱে বনাচ প্ৰদান কৰা আৰু এনে সকলো অবৈধ কৰ্তন চিৰদিনৰ বাবে বন্ধ কৰাৰ দাবী জনোৱাৰ লগতে ক্ষুদ্ৰ চাহ বাগিচাৰ অতি পিছপৰা শ্ৰমিকসকলৰ সৰ্বাংগীন কল্যাণৰ বাবে এখন সুকীয়া আৰু বিশেষ ৰাজ্যিক নীতি অৰ্থাৎ ‘State Policy for Small Tea Garden Workers’ ত্বৰান্বিতভাৱে প্ৰণয়ন কৰাৰ বাবেও অনুৰোধ জনোৱা হয়। আদিবাসী যুৱ-ছাত্ৰ সংস্থাৰ কেন্দ্ৰীয় সভাপতি নৃপেন মুণ্ডা আৰু সাধাৰণ
সম্পাদক ৰাজেশ কেৰকেট্টাৰ যুটীয়া স্বাক্ষৰ সম্বলিত এই স্মাৰক পত্ৰখনৰ জৰিয়তে অসমৰ চাহ উদ্যোগৰ বিকাশ আৰু সজীৱতাৰ মূল চালিকাশক্তি তথা প্ৰকৃত স্তম্ভস্বৰূপ শ্ৰমজীবী চাহ শ্ৰমিকসকলৰ সকলো ন্যায়সংগত অধিকাৰ, মৰ্যাদা আৰু সামাজিক সুৰক্ষা সুনিশ্চিত কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰীৰ আশু তথা সদয় হস্তক্ষেপ কামনা কৰি শীঘ্ৰে বাস্তৱিক আৰু কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ তীব্ৰ দাবী জনোৱা হয়।