...

গছৰ তলত বিশ্ৰাম কৰি আছিল

গছৰ তলত বিশ্ৰাম কৰি আছিল হঠাৎ বিষাক্ত ফেটী সাপৰ দংশন !

তাৰ পিছত কি হল ? হতবাক হব আপুনিও

চাইন অন ডেস্ক,২ছেপ্টেম্বৰ:

গছৰ তলত বিশ্ৰাম কৰি আছিল এজন লোক।হঠাৎ বিষাক্ত ফেটী সাপৰ দংশন !
তাৰ পিছত কি হল ?
ডিব্ৰুগড় জিলাৰ প্ৰান্তীয় স্বাস্থ্য ব্যৱস্থাৰ কাৰ্যক্ষমতা আৰু জৰুৰীকালীন চিকিৎসা পৰিচৰ্যাৰ সক্ষমতাক প্ৰতীয়মান কৰি লাহোৱাল খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিষাক্ত ফেটী সাপৰ দংশনত আক্ৰান্ত এজন ব্যক্তিৰ সফল চিকিৎসা সম্পন্ন হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ২৭ আগষ্টত লাহোৱালৰ বিনৈগুটীয়াৰ ইকৰাতলী অঞ্চলৰ নিবাসী ৪৮ বছৰীয়া জগন্নাথ ঘাটোৱাৰ নামৰ ব্যক্তিজনে নিজা বাসগৃহৰ চৌহদত গছৰ তলত বিশ্ৰামৰত অৱস্থাত থাকোঁতে বাওঁহাতৰ আঙুলি সন্ধিত বিষাক্ত ফেটী সাপে দংশন কৰে। ঘটনাৰ পিছতে পৰিয়ালৰ লোকে তেওঁক লাহোৱাল খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰে ।স্বাস্থ্য কেন্দ্ৰত উপস্থিত হোৱা মাত্ৰকে চিকিৎসকে ৰোগী গৰাকীৰ ক্লিনিকেল অৱস্থাৰ গুৰুত্ব অনুধাৱন কৰি তৎক্ষণাত চিকিৎসা প্ৰক্ৰিয়া আৰম্ভ কৰে। বিশিষ্ট সৰ্প চিকিৎসা বিশেষজ্ঞ ডা° সুৰজিৎ গিৰিৰ সৈতে আলোচনা মৰ্মে ৰোগীজনক প্ৰট’কল অনুসৰি ২০ ভায়েল এন্টি স্নেক ভেনম (ASV) প্ৰয়োগ কৰা হয় আৰু লগতে ডিজিটেল নাৰ্ভ ব্লক প্ৰদান কৰা হয়। বিজ্ঞানসন্মত পদ্ধতিৰে সময়োচিত চিকিৎসাৰ ফলত ৰোগীজনে আশাব্যঞ্জক সঁহাৰি প্ৰদান কৰে। চিকিৎসাৰ অন্তত তেখেত সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰে আৰু যোৱা ৩১ আগষ্ট তাৰিখে তেখেতক চিকিৎসালয়ৰ পৰা ছুটি দিয়া হয়।এই জটিল ঘটনাৰ সফল ব্যৱস্থাপনা লাহোৱাল খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডা° ফাৰহা চুলতানা আৰু নাৰ্চ – স্বাস্থ্যকৰ্মী দলৰ পেছাদাৰী দক্ষতা, বিচক্ষণতা আৰু সেৱাৰ প্ৰতি থকা অদম্য দায়বদ্ধতাৰ পৰিচায়ক।
এই সফলতাই ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ প্ৰান্তীয় স্বাস্থ্য সেৱা সুদৃঢ়কৰণৰ প্ৰচেষ্টাৰ সাৰ্থকতা প্ৰতিপন্ন কৰিছে। জিলাখনৰ প্ৰাথমিক পৰ্যায়ৰ চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানসমূহো জটিলতৰ জৰুৰীকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু আৰু সক্ষম বুলি এই ঘটনাই প্ৰতিপন্ন কৰিছে । উল্লেখযোগ্য যে,ডিব্ৰুগড় জিলাত সৰ্বমুঠ ১২ খন চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানত সৰ্পদংশনৰ ফলপ্ৰসূ আৰু জীৱনৰক্ষাকৰী চিকিৎসা বিনামূলীয়াকৈ উপলব্ধ । ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগে সৰ্বসাধাৰণ ৰাইজক সৰ্পদংশনৰ দৰে জৰুৰীকালীন পৰিস্থিতিত ভীতি-বিহ্বল নহৈ বা অবৈজ্ঞানিক পদ্ধতি তথা বেজ-বেজালিৰ কাষ নাচাপি, অনতিপলমে নিকটৱৰ্তী চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানৰ কাষ চাপিবলৈ আহ্বান জনাইছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *