...

টাই আহোম জাতীয় পৰিষদৰ সকীয়নি

টাই আহোম জাতীয় পৰিষদৰ সকীয়নি

উজনিৰ বানপীড়িতক সাহাৰ্য

পুনৰ সংস্থাপনৰ নামত পণ বন্দী নকৰিব

চাইন অন ডেস্ক,৩০আগষ্ট:

উজনি অসমৰ চৰাইদেউ,শিৱসাগৰ আৰু যোৰহাট জিলাত ১৯ জুলাইৰ পৰা হোৱা প্ৰলয়ংকাৰী বানপানীত ক্ষতিগ্ৰস্ত লোকক সাহাৰ্য আৰু পুনৰ সংস্থাপনৰ নামত শাসক-বিৰোধী দলে পণ বন্দী কৰাৰ অভিযোগ উত্থাপন কৰিছে টাই আহোম জাতীয় পৰিষদে।সংগঠনটোৰ সাধাৰণ সম্পাদক অমৰজ্যোতি আৰন্ধৰাই আজি এক বিবৃতিযোগে অভিযোগ কৰি কয় যে- বানপীড়িতক সাহাৰ্য প্ৰদানৰ নামত শাসক-বিৰোধী দলে শিৱসাগৰকে ধৰি আন দুখন জিলাতো এক বিশৃংখল তথা অৰাজকময় পৰিস্থিতিৰ সৃষ্টি কৰি পণ বন্দী কৰিছে।জিলা কেইখনত হোৱা বানৰ বিভীষিকাময় পৰিবেশত অতি দৃষ্টি কটুৰভাৱে শাসক- বিৰোধীয়ে চলাই থকা বাদ-বিবাদ তথা আক্ৰমণ-প্ৰত্যাক্ৰমণ পৰিহাৰ কৰি বানপীড়িতক উপযুক্ত সাহাৰ্য আৰু পুনৰ সংস্থাপনৰ বাবে ঐক্যবদ্ধ হৈ মনোনিৱেশ কৰিবলৈ আহ্বান জনাইছে।জিলা কেইখনত অব্যাহত থকা শাসক বিৰোধী দলৰ বাদ বিবাদৰ ফলত বানপীড়িত বহুলোক সাহাৰ্য আৰু পুনৰ সংস্থাপনৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা আছে।ইয়াৰ পৰিপ্ৰেক্ষিততে শাসক বিৰোধী দলে সংকীৰ্ণ ৰাজনৈতিক সংঘাত এৰি উদাৰতাৰে মানৱীয় পৰিচয় দাঙি ধৰিবলৈ আহ্বান জনায়।উল্লেখ্য যে টাই আহোম জাতীয় পৰিষদে বানপীড়িত জিলা কেইখনত সাহাৰ্য আৰু পুনৰ সংস্থাপনৰ বাবে চৰকাৰক ২০ হাজাৰ কোটি টকা আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈ দাবী জনাই আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *