...

ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক স্কুলত কলা আৰু বিজ্ঞান প্ৰদৰ্শনী সম্পন্ন

ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক স্কুলত কলা আৰু বিজ্ঞান প্ৰদৰ্শনী সম্পন্ন

চাইন অন ডেস্ক,২৯আগষ্ট:

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এখন আগশাৰীৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান ডিব্ৰুগড় ছল্ট ব্ৰুক স্কুলে শৈক্ষিক ক্ষেত্ৰত দীৰ্ঘদিন ধৰি এক যুগান্তকাৰী ভূমিকা পালন কৰি আহিছে। বৈৰাগীমঠত অৱস্থিত এই ঐতিহ্যমণ্ডিত বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী আজি দেশ-বিদেশত সু-প্ৰতিষ্ঠিত হৈ বিভিন্ন কৰ্ম সংস্থাপনত জড়িত হৈ আছে। এই গৌৰৱময় পৰম্পৰা অব্যাহত ৰাখি বিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞানমনস্কতা আৰু সৃষ্টিশীলতা বৃদ্ধিৰ উদ্দেশ্যে এক কলা আৰু বিজ্ঞানৰ প্ৰদৰ্শনীৰ আয়োজন কৰে।
আগশাৰীৰ শিক্ষানুষ্ঠান ছল্ট ব্ৰুক স্কুলত প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ উদ্যোগত এক বৰ্ণাঢ্য কলা আৰু বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠিত হয়। এই প্ৰদৰ্শনীত ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশ আৰু আধুনিক চিকিৎসা বিজ্ঞানৰ লগত জড়িত পাঁচটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আৰ্হি (Model) প্ৰদৰ্শন কৰে।
বিশেষকৈ প্ৰদৰ্শিত প্ৰকল্পসমূহ বিভিন্ন বৈজ্ঞানিক আৰ্হি প্ৰস্তুত কৰে। প্ৰদৰ্শনীৰ বিষয়বস্তু হৈছে ছাত্ৰ-ছাত্ৰীসকলে অতি সুন্দৰভাৱে প্ৰস্তুত কৰা আৰ্হিসমূহত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় প্ৰতিফলিত হয়। যেনে – শৈক্ষিক আৰ্হি, বিজ্ঞান আৰু কাৰিকৰী বিদ্যা, বিদ্যুৎ শক্তি, জল প্ৰদূষণ, প্ৰকৃতি আৰু পৰিৱেশ, বিকল্প ইন্ধন,স্বাস্থ্যৰ, জনসংখ্যা আৰ,বনাঞ্চল ধ্বংস (Deforestation) এই আৰ্হিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে গছ-গছনি কটাৰ ফলত কেনেকৈ ভূমিস্খলন, বানপানী আৰু জীৱ-জন্তুৰ বাসস্থান নষ্ট হয়, তাক সুন্দৰকৈ দেখুৱায়। গোলকীয় উষ্ণতা (Global Warming) গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণ, ইয়াৰ ফলত মেৰু অঞ্চলৰ বৰফ গলা আৰু সাগৰৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ দৃশ্য এই প্ৰকল্পত ফুটাই তোলা হয়।
পাৰমাণৱিক ৰিয়েক্টৰ (Nuclear Reactor): পাৰমাণৱিক শক্তিৰ পৰা কেনেকৈ বিদ্যুৎ উৎপাদন হয়, তাৰ কাৰ্যপ্ৰণালী আৰু সুৰক্ষা ব্যৱস্থাৰ বিষয়ে এই মডেলত ব্যাখ্যা কৰা হয়।
ডায়েলাইছিছ (Dialysis) মানৱ শৰীৰত বৃক্কই কাম নকৰিলে কেনেকৈ কৃত্ৰিম উপায়েৰে তেজ পৰিশোধন কৰা হয়, তাৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো ছাত্ৰ-ছাত্ৰীয়ে এই আৰ্হিৰ জৰিয়তে বুজাই দিয়ে। এম আৰ আই (MRI) চিকিৎসা বিজ্ঞানৰ এক আশ্চৰ্য আৱিষ্কাৰ MRI মেচিনে কেনেকৈ চুম্বকীয় তৰংগৰ সহায়ত শৰীৰৰ ভিতৰৰ ৰোগ নিৰ্ণয় কৰে, তাক এই প্ৰকল্পত দেখুওৱা হয়।আনহাতে, ছাত্ৰ-ছাত্ৰীসকলে থলুৱা অসমীয়া সাজ-পাৰ পৰিধান কৰি আপুৰুগীয়া অসমীয়া সংস্কৃতিৰ এক সুন্দৰ প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। বিদ্যালয়ৰ অধ্যক্ষ নিৰঞ্জন বৰদলৈয়ে কয়, “আমাৰ লক্ষ্য কেৱল কিতাপৰ শিক্ষা নহয়, ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞানক বাস্তৱ জীৱনৰ লগত কেনেকৈ জড়িত কৰিব পাৰে, সেয়াহে শিকোৱা। দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ।এই প্ৰচেষ্টা প্ৰশংসনীয়।”
প্ৰদৰ্শনীখন চাবলৈ অভিভাৱক, শিক্ষক আৰু বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। সকলোৱে ছাত্ৰ-ছাত্ৰীৰ সৃজনশীলতা আৰু বিজ্ঞানমনস্কতাক ভূয়সী প্ৰশংসা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *