...

ডিব্ৰুগড়ৰ দাৰুল উলুম চাউলখোৱা মাদ্ৰাছাৰ উদ্যোগত ১০খন মাদ্ৰাছা- মক্তবৰ প্ৰতিযোগিতা

ডিব্ৰুগড়ৰ দাৰুল উলুম চাউলখোৱা মাদ্ৰাছাৰ উদ্যোগত

১০খন মাদ্ৰাছা- মক্তবৰ প্ৰতিযোগিতা

বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা

চাইন অন ডেস্ক,২৪আগষ্ট:

ডিব্ৰুগড়স্থিত দাৰুল উলুম চাউলখোৱা মাদ্ৰাছা প্ৰাঙ্গণত দেওবাৰে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় কাৰ্য্যসূচীৰে অঞ্চলটোৰ ১০ খন মাদ্ৰাছা- মক্তবৰ কন কন ছাত্ৰ ছাত্ৰীৰ মাজত ইছলাম ধৰ্মৰ মানৱীয় দিশ সমূহৰ প্ৰাথমিক আৰু ধৰ্মীয় শিক্ষা দিয়াৰ বাবে এক প্ৰতিযোগিতা আৰু দোৱা মেহফিল অনুষ্ঠিত হয়। অনুষ্ঠানৰ একমাত্ৰ উদ্দেশ্য আৰু লক্ষ্য আৰু উদ্দেশ্য আছিল বৃহত্তৰ চাউলখোৱা অঞ্চলত থকা ১০ খন মাদ্ৰাছা-মক্তবৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত শুদ্ধকৈ কোৰান পাঠ, ৰচনা প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰি এই সকল কন কন ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰা। অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰ উপস্থিতিত বঁটা বিতৰণী সভাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলক বঁটা ও প্ৰশংসা পত্ৰ আৰু নগদ ধন প্ৰদান কৰা হয়।অনুষ্ঠানত সভাপতিত্ব কৰে মাদ্ৰাছা পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি লিয়াকত আলি আৰু মাদ্ৰাছা পৰিচালনা সমিতিৰ সভাপতি চেলিম উদ্দিন আহমেদ । নেকিব উদ্দিন আহমেদ, নেজিব হুছেইন চাবৰী, নুৰ আলম খান , ছফি আলম খান ,মাদ্ৰাছাৰ প্ৰাক্তন সভাপতি মুহিবুল আহমেদ, মহম্মদ ইছলাম, নজিফুৰ ৰহমান , মনিৰ উদ্দিন আহমেদ,জ্যেষ্ঠ উপদেষ্টা আৰু অন্যান্য সদস্যসকল জেহিৰ উদ্দিন আহমেদ, ফিৰোজ আহমেদ হাজৰিকা, মহম্মদ হুছেইন, নাচিৰ চুলতান, মাদ্ৰাছাৰ সাধাৰণ সম্পাদক ৰিয়াজ উদ্দিন আহমেদ, সহঃ সম্পাদক চলমান আলি, ইনামুল শ্বেখ, দিয়ানুদ্দিন আহমেদ , মাদ্ৰাছাৰ শিক্ষক সকল,সাংবাদিক এম হাছিম আলীৰ লগতে ছাত্ৰ ছাত্ৰী আৰু ডিব্ৰুগড় উপকন্ঠৰ বহু বিশিষ্ট ব্যক্তি।
অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্ট অতিথিদ্বয় জামিয়া ইছলামীয়া জালালিয়া হোজাই মাদ্ৰাছাৰ শ্বেইখুল হাদিচ হজৰত মৌলানা মুফতি চবিহ আখতাৰ কাছিমী আৰু মোহাদ্দিচ হজৰত মৌলানা আকিলুৰ ৰহমান কাছিমীমে তেওঁলোকৰ তত্বগধুৰ ভাষণ প্ৰদান কৰে। উপস্থিত সকলোৰে প্রতি শলাগৰ শৰাই আগবঢ়ায় লিয়াকত আলিয়ে।শেষত আমন্ত্ৰিত মুখ্য অতিথি হজৰত মৌলানা মুফতি চবিহ আখতাৰে বিশ্বশান্তি বাবে দোৱা -প্ৰাৰ্থনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *